মিজোৰাম, ১০ জানুৱাৰী: মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰ টি- পি চি আৰ গৱেষণাগাৰত সম্পন্ন কৰা ২৫৫ টা নমুনা পৰীক্ষাৰ অন্তত ১১ গৰাকী লোকৰ দেহত Covid-১৯ প'জিটিভ ধৰা পৰিছে ৷ ইয়াৰ ভিতৰত ১৮-৬৮ বয়সৰ ৯ গৰাকী পুৰুষ আৰু ২ গৰাকী মহিলা । আক্ৰান্তকেইগৰাকীৰ ২ গৰাকী পুৰুষ আৰু ৬৮ বছৰীয়া মহিলা এগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল ।
ইপিনে,ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ TrueNAT পৰীক্ষাগাৰত কৰা ৯৯ টা নমুনাৰ ভিতৰত ৩ জন Covid-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ইয়াৰ ২ গৰাকী বিএছএফ কৰ্মী অসম আৰু ঋাৰখণ্ডৰ পৰা অহাৰ লগতে আনগৰাকী ৩০ বছৰীয়া মহিলা ৰাজস্থানৰ পৰা অহা । আক্ৰান্ত আটাইকেইগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল ।
ইফালে ৪৩৫ টা ৰেপিড এন্টিজেনৰ পৰীক্ষাত ৩ জনৰ Covid-১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত ২ গৰাকী মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ ধৰা পৰিছিল আৰু এজন পুৰুষৰ দেহত কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ ধৰা পৰা নাছিল ।