অসম

assam

ETV Bharat / bharat

COVID-১৯: মিজোৰামত নতুনকৈ ২ জন লোক আক্ৰান্ত - COVID-১৯ত আক্ৰান্ত

মিজোৰামত ১০ মাৰ্চ পৰ্যন্ত COVID-১৯ ৰ আক্ৰান্তৰ ৯ টা ঘটনা সক্ৰিয় হৈ আছে । মঙলবাৰে ৰাজ্যখনত নতুনকৈ দুজন লোক মহামাৰীত আক্ৰান্ত হৈছে । ৰেপিড এণ্টিজেন টেষ্ট কিটৰ জৰিয়তে কৰা পৰীক্ষাত এই লোক দুজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

COVID-১৯ঃ মিজোৰামত নতুনকৈ ২ জন লোক আক্ৰান্ত
COVID-১৯ঃ মিজোৰামত নতুনকৈ ২ জন লোক আক্ৰান্ত

By

Published : Mar 10, 2021, 8:04 PM IST

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: যোৱা ৯ মাৰ্চত মিজোৰামত দুজন লোক COVID-১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । ৰেপিড এণ্টিজেন টেষ্ট কিটৰ জৰিয়তে কৰা পৰীক্ষাত এই লোক দুজন মহামাৰীত আক্ৰান্ত হোৱাৰ কথা প্ৰমাণিত হয় । মিজোৰামত ১০ মাৰ্চ পৰ্যন্ত COVID-১৯ ত আক্ৰান্তৰ ৯ টা ঘটনা সক্ৰিয় হৈ আছে ।

আনহাতে, মঙলবাৰে জ'ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰ টি-পি চি আৰ পৰীক্ষাগাৰত পৰীক্ষা কৰা ২৬ জন লোকৰ নমুনাৰ ভিতৰত এজনো লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহা নাই । লগতে লুংলেই জিলাৰ 'ট্ৰু এন এ টি' পৰীক্ষাগাৰত পৰীক্ষা কৰা ২টা নমুনা পৰীক্ষা কৰা হৈছিল ।

মিজোৰামত ১০ মাৰ্চ পৰ্যন্ত COVID-১৯ত আক্ৰান্তৰ ৯টা ঘটনা সক্ৰিয় হৈ আছে

কিন্ত দুয়োটাৰে ফলাফল ঋণাত্মক বুলি জানিব পৰা গৈছে । ৰেপিড এণ্টিজেন টেষ্ট কিটৰ জৰিয়তে ৬৩২টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত দুজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । বুধবাৰে চি চি চিৰ পৰা কোনো COVID-১৯ত আক্ৰান্ত ৰোগীকে ঘৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই । যোৱা ৯ মাৰ্চলৈকে ৰাজ্য খনত ৬৬০টা নমুনা পৰীক্ষা কৰা হৈছে আৰু আক্ৰান্তৰ সংখ্যা ০.৩০ শতাংশ । আনহাতে, মিজোৰামত আৰোগ্য়ৰ হাৰ ৯৯.৬২ শতাংশ ।

মিজোৰামত ১০ মাৰ্চ পৰ্যন্ত COVID-১৯ ত আক্ৰান্তৰ ৯ টা ঘটনা সক্ৰিয় হৈ আছে । এতিয়ালৈকে ৰাজ্যখনত ৪,৪৩৪ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৪,৪১৫ জন লোক আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কবলত পৰি ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

মিজোৰামত ১০ মাৰ্চ পৰ্যন্ত COVID-১৯ত আক্ৰান্তৰ ৯টা ঘটনা সক্ৰিয় হৈ আছে


লগতে পঢ়ক: নাৰী সবলীকৰণৰ বাবে মণিপুৰ চৰকাৰে কাম কৰি আছে: হেনৰী অ'ক্ৰাম

ABOUT THE AUTHOR

...view details