মিজোৰাম, 25 মে’: সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 10621 গৰাকীলৈ । 24 মে'ত অৰ্থাৎ সোমবাৰৰ দিনটোত নতুনকৈ 290 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷ জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত সোমবাৰে কৰ’ণাত আক্ৰান্ত এগৰাকী আৰক্ষীৰ লোকৰ মৃত্যু হৈছে ৷
জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 1741 গৰাকী লোকৰ কৰ’ণা পৰীক্ষাত 87 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 148 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 6 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 2414 টা নমুনাৰ ভিতৰত 197 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷