নেশ্যনেল ডেস্ক, ২০ মাৰ্চ: মিজোৰামৰ ছেৰছিপ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী জ'ৰামথাংগাই ভাৰতীয় নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । ছেৰছিপ বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অহা ১৭ এপ্ৰিলৰ দিনটো ধাৰ্য কৰা হৈছে । কিন্তু এই দিনটো ছেভেনথ ডে এডভেন্টিষ্ট খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বাবে পৱিত্ৰ দিন ।
সেয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দিনটো সলনি কৰিবলৈ এক পত্ৰযোগে নিৰ্বাচনী আয়োগক আহ্বান জনাইছে । তেওঁ পত্ৰত উল্লেখ কৰিছে যে, এই দিনটোত ছেৰছিপ বিধানসভা সমষ্টিৰ ভোটাৰে ভোটদান কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিব । সেয়ে, ১৬ এপ্ৰিল অৰ্থাৎ শুক্ৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী জ'ৰামথাংগাই ভাৰতীয় নিৰ্বাচনী আয়োগক অনুৰোধ কৰে, যাতে সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ।