অসম

assam

ETV Bharat / bharat

কৃষকক নতুন কৃষি বিলখন অধ্যায়ন কৰিবলৈ আহ্বান মিজোৰাম বিজেপিৰ

মিজোৰাম প্ৰদেশ বিজেপিৰ উপ সভাপতি ড৹ এল. আৰ. কলনেই কৃষি সংশোধনী বিলৰ বিৰোধিতা কৰা বিৰোধী দল সমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ এল. আৰ. কলনেই কংগ্ৰেছ আৰু এন চি পিৰ বিৰুদ্ধে কৃষক সংগঠন সমূহক উচতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

Mizoram BJP accuses opposition of playing a double game in the protest against Farm Bill
কৃষকক নতুন কৃষি বিলখন অধ্যায়ন কৰিবলৈ আহ্বান মিজোৰাম বিজেপিৰ

By

Published : Dec 10, 2020, 9:29 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ :মিজোৰামৰ আইজল প্ৰেছ ক্লাবত বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত মিজোৰাম প্ৰদেশ বিজেপিৰ উপ সভাপতি ড৹ এল. আৰ. কলনেই কৃষি সংশোধনী বিলৰ বিৰোধিতা কৰা বিৰোধী দল সমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ এল. আৰ. কলনেই কংগ্ৰেছ আৰু এন চি পিৰ বিৰুদ্ধে কৃষক সংগঠন সমূহক উচতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷

তেও লগতে কয় যে, 2013 চনত ৰাহুল গান্ধীয়ে সকলো কংগ্ৰেছ শাসিত ৰাজ্যক এ পি এম চি.ৰ দ্বাৰা ফল আৰু শাক-পাচলিৰ মুকলি বজাৰক সমাপ্ত কৰাৰ ঘোষণা নিজৰ নিৰ্বাচনী ইস্তিহাৰত উল্লেখ কৰিছিল ৷

কৃষকক নতুন কৃষি বিলখন অধ্যায়ন কৰিবলৈ আহ্বান মিজোৰাম বিজেপিৰ

তেওঁ চৰকাৰে ঘোষণা কৰা নতুন বিলখনে মিজোৰামৰ কৃষকৰ বাবে লাভদায়ক হ‘ব বুলি মন্তব্য কৰে ৷ তেওঁ সকলোকে নতুন কৃষি সংশোধন বিলখন ভালদৰে অধ্যায়ন কৰিবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক: বিত্তীয় সংকট : প্ৰাপ্যৰ দাবীত ৰাজপথত ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details