নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী: শুক্ৰবাৰে অনুষ্ঠিত হোৱা অষ্টম মিজোৰাম বিধানসভা অধিৱেশনৰ সপ্তম বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী জ'ৰামথাংগাই ঘোষণা কৰে যে, মিজো নেশ্যনেল আৰ্মীৰ শ্বহীদসকলৰ বাবে বিশেষ আঁচনি যুগুত কৰাৰ বাবে এখন বৰ্ড গঠন কৰা হ'ব ।
মিজোৰাম বিধানসভা অধিৱেশনৰ সমীক্ষা - মিজো নেশ্যনেল ফ্ৰণ্ট
অষ্টম মিজোৰাম বিধানসভা অধিৱেশনৰ সপ্তম বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিন । বাজেটত মিজো নেশ্যনেল ফ্ৰণ্টৰ পূৰ্বৰ সদস্যৰ বাবে চৰকাৰী চাকৰি আৰু শান্তি চুক্তিৰ প্ৰতি সঁহাৰি জনোৱা সদস্যৰ নিয়োগৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে ।
![মিজোৰাম বিধানসভা অধিৱেশনৰ সমীক্ষা মিজোৰাম বিধানসভা অধিৱেশনৰ সমীক্ষা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10791688-338-10791688-1614351062133.jpg)
মিজোৰাম বিধানসভা অধিৱেশনৰ সমীক্ষা
এটা প্ৰশ্নৰ উত্তৰত সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৮ চনৰ মেনিফেষ্টোত উল্লেখ থকা ধৰণে বাজেটত শান্তি চুক্তিৰ প্ৰতি সঁহাৰি জনোৱা মিজো নেশ্যনেল ফ্ৰণ্টৰ সদস্যৰ নিয়োগৰ বাবে বিশেষ বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে আৰু এতিয়ালৈকে এই বিশেষ আঁচনিৰ অধীনত ১৩ গৰাকী লোকক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে ।
লগতে পঢ়ক:ব্ৰিকছ চেৰপা বৈঠক: সন্ত্ৰাসবাদ,কৃষি,বিজ্ঞানক লৈ আলোচনা