নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ:মঙবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰামত ভোটদান ৷ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ জোৰামথাংগাই দৃঢ়তাৰে তেওঁৰ দলে পুনৰ শাসনভাৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জোৰামথাংগাই কয়, "প্ৰাক নিৰ্বাচনী সময়ত মোৰ সমষ্টিৰ আধা অংশ ভ্ৰমণ কৰিছো । মই বিশ্বাস কৰোঁ যে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম আৰু মোৰ সমষ্টিত আমি আশা কৰিছো যে আমি বিপুলভাৱে জয়লাভ কৰিম ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপিৰ সৈতে তেওঁৰ দলৰ মিত্ৰতা নাই আৰু কেন্দ্ৰত এন ডি এৰ সমৰ্থন ‘ইছ্যুভিত্তিক’। ‘জো’ জনজাতিসমূহক একত্ৰিত কৰাৰ বাবে এমএনএফৰ প্ৰচেষ্টাই দলটোক নিৰ্বাচনী সুবিধা প্ৰদান কৰিব বুলিও তেওঁ কয় । ম্যানমাৰ, বাংলাদেশ আৰু মণিপুৰৰ পৰা পলায়ন কৰা লোকসকলে তেওঁৰ দলৰ শাসনত মিজোৰামত নিৰাপদ অনুভৱ কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ।
মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জো জনজাতিসকলক একত্ৰিত কৰাৰ বাবে এমএনএফৰ প্ৰচেষ্টাই দলটোক নিৰ্বাচনী বৈতৰণী পাৰ কৰাব বুলিও দৃঢ়তাৰে কয় । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ পুনৰ কয় যে আৰ্থিক বাধাৰ মাজতো বিভিন্ন প্ৰকল্প ৰূপায়ণকে ধৰি কেইবাটাও কাৰকৰ বাবে তেওঁৰ দলে নিৰ্বাচনত জয়ী হ’ব ।