নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ:মিজোৰাম বিধানসভা নিৰ্বাচন 2023 ৰ ভোটগণনা সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হয় । ভোটগণনাৰ সম্পূৰ্ণ প্ৰস্তুতি নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে । গণনা কেন্দ্ৰৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । দেওবাৰে ভোটগণনা হ’ব লাগিছিল যদিও জনসাধাৰণৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰলৈ পিছুৱাই দিয়া হয় এই ভোটগণনা ।
উল্লেখ্য যে, ৰাজ্যখনৰ বহু দলে দেওবাৰে ভোটগণনা নকৰিবলৈ অনুৰোধ জনাইছিল । উক্ত দলসমূহে দেওবাৰে খ্ৰীষ্টানসকলে ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰে, সেয়েহে দেওবাৰে গণনা কৰিলে জনসাধাৰণৰ সমস্যা হ’ব পাৰে বুলি উল্লেখ কৰিছিল । এই দাবীৰ পিছত নিৰ্বাচন আয়োগে ভোটগণনা এদিন পিছুৱাই দিয়ে ।
মিজোৰামত মুঠ 40 খন বিধানসভাৰ আসন আছে আৰু সোমবাৰৰ দিনটোত মুঠ 174 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । যোৱা 7 নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । ইয়াত চৰকাৰৰ কাৰ্যকাল 17 ডিচেম্বৰত শেষ হ’ব । বৰ্তমান জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰন্টে ৰাজ্যখনত ক্ষমতাত আছে ।