নেশ্যনেল ডেস্ক, 22 জুলাই :অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ ৷ সাংসদগৰাকীয়ে এই সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মিঞাসকলৰ সন্দৰ্ভত আগবঢ়োৱা ঘৃণামূলক ভাষণ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বিবেচনা কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভূঞাই কয় যে, "মই ইতিমধ্যে দিছপুৰ থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো । হয়তো, আৰক্ষী বিষয়াসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে । মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ বাবে বিকল্প পথৰ সন্ধানত আছো ।"
সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্রী শর্মাই এটা বিশেষ জনগোষ্ঠীক লক্ষ্য কৰি জনগোষ্ঠীসমূহৰ মাজত ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে ৷ ৰাজ্যত শাক-পাচলিৰ মূল্যবৃদ্ধিৰ বাবে ‘মিঞা’ জনগোষ্ঠীক টাৰ্গেট কৰি মুখ্যমন্ত্রী শর্মাই শেহতীয়াকৈ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছিল ৷ উল্লেখ কৰা প্ৰয়োজন যে, ‘মিঞা’ অসমৰ বঙালীভাষী মুছলমানসকলৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ অহা এটা অপমানজনক শব্দ হিচাপে বিবেচিত হৈ আহিছে । দিছপুৰ থানাত দাখিল কৰা এজাহাৰখনত ভূঞাই উল্লেখ কৰে, 'এনেধৰণৰ বক্তব্যই ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি অনাৰ লগতে জাতীয় সংহতিৰ ক্ষেত্ৰত স্পষ্টভাৱে ক্ষতিকাৰক ।'
ভূঞাই পুনৰ কয় যে, বক্তব্যটো ভালদৰে লক্ষ্য কৰিলে এই বক্তব্যই যে জাতিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতাক প্ৰসাৰিত কৰিছে সেয়া স্পষ্ট হৈ পৰিব । মুখ্যমন্ত্ৰীয়ে দিয়া এই দাবীৰ পিছত আন একাংশ মন্ত্ৰী বিধায়কেও এনে বক্তব্যৰ পুনৰাবৃত্তি কৰে যিয়ে বিভিন্ন গোটৰ মাজত শত্ৰুতা সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ ভূঞাই তেওঁৰ এজাহাৰখনত উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ কথাও উল্লেখ কৰিছে য’ত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ঘৃণামূলক ভাষণক লৈ গোচৰ পঞ্জীয়ন কৰিবলৈ কয় যদিও শাসকীয় দলৰ বিভিন্ন নেতাই এনে মন্তব্য প্ৰদান কৰি অহাৰ পিচতো কোনো একো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় বুলি উল্লেখ কৰে ।