নিউজ ডেস্ক, 24 জুলাই: বলীউড আৰু টলীউড দুয়োখন বিশাল ছবিজগততে সফলতা লাভ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ৷ তেওঁ আছিল ৮০ৰ দশকৰ ছুপাৰষ্টাৰ ৷ কিন্তু নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহু বাধাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী ৷
মসৃণ নাছিল মিথুন চক্ৰৱৰ্তীৰ সফলতা অৰ্জনৰ পথ ৷ খ্যাতি অৰ্জনৰ সুযোগ সন্ধানৰ সময়ত বহুবাৰ প্ৰত্যাখ্যান কৰা হৈছিল অভিনেতাগৰাকীক ৷ এনে এটা সময়ৰ মুখামুখিও হৈছিল অভিনেতাগৰাকী, যাৰ বাবে আত্মহত্যাৰ কথাও ভাবিবলৈ বাধ্য হৈছিল (Mithun Chakraborty thought of committing suicide)৷ কিন্তু তাৰ পিছত তেওঁ নিজকে এজন ‘যোদ্ধা’ হিচাবে আৱিস্কাৰ কৰে আৰু বুজি উঠে যে তেও ‘হাৰিব নাজানে’ ।
১৯৭৯ চনৰ হিট ছবি সুৰক্ষাৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল মিথুন চক্ৰৱৰ্তীয়ে । ইয়াৰ পাছতে ডিস্কো ডান্সাৰ, সহস, ৱাৰ্ডত, ৱাণ্টেড, বক্সাৰ, প্যাৰ ঝুকতা নাহি, প্যাৰি বেহনা, অবিনাশ, ডান্স ডান্স, প্ৰেম প্ৰতিজ্ঞা, মুজৰিম, অগ্নিপথ, যুগন্ধৰ, দ্য ডন, জল্লাদ আৰু অগ্নিপাথ আদি ছবিত অভিনয় কৰিছিল । তদুপৰি মৃগয়া (১৯৭৬), তাহাদেৰ কথা (১৯৯২) আৰু স্বামী বিবেকানন্দ (১৯৯৮)ত অভিনয় কৰি তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ।