অসম

assam

ETV Bharat / bharat

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নতুন অভিলেখ - প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নতুন অভিলেখ

ক্ৰিকেটৰ ক্ষেত্ৰখনত অগাধ দখল থকা মিতালী ৰাজে গঢ়িলে আন এক নতুন ৰেকৰ্ড (Mithali Raj record ) । ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ ।

Mithali Raj news
প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ নতুন অভিলেখ

By

Published : Mar 6, 2022, 3:25 PM IST

স্পৰ্টচ ডেস্ক,০৬ মাৰ্চ: ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয় ক্ৰিকেটাৰৰ ৰেকৰ্ড ভাৰতীয মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ (Mithali Raj at ODI World Cup ) । শচীন তেণ্ডুলকাৰ আৰু জাভেদ মিয়াঁদাদৰ পিছত ছয়খন এদিনীয়া বিশ্বকাপত খেলা তৃতীয়গৰাকী ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন কৰে ।

মাউন্ট মাউনগানুইত চলি থকা মহিলা বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সময়তে তেওঁ এই কৃতিত্ব অৰ্জন কৰে (Mithali Raj record ) । ২০০০ চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰা মিতালী ছয়খন এদিনীয়া বিশ্বকাপত খেলা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ।

মেছখনত ভাৰত আৰু পাকিস্তানৰ মাজত টছত জয়ী হৈ ভাৰতে প্ৰথম বেটিঙৰ সিদ্ধান্ত লয় । বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুয়োখন ৱাৰ্ম-আপ খএলত জয়লাভ কৰে ।

লগতে পঢ়ক:ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান

ABOUT THE AUTHOR

...view details