নেশ্যনেল ডেস্ক, 4 আগষ্ট :লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন ৷ নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেই ন ন ৰণনীতিৰে জনতাক আকৰ্ষিত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে শাসক দলৰ লগতে বিৰোধী শিবিৰকো ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমাজখনক সংগঠিত কৰিবলৈ সমগ্ৰ দেশৰ বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ চৌহদলৈ গৈ যুৱ শক্তিৰ সৈতে মত-বিনিময়ত অংশগ্ৰহণ কৰিব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ।
প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীৰ ভাৰত জোড়ো যাত্ৰাৰ সম্প্ৰসাৰণ হিচাপে এই কাম আৰম্ভ কৰা হ’ব ৷ ‘‘ঘৃণাৰ ভাৱ পৰিহাৰ কৰি ভাৰতক একত্ৰিত কৰক’’ এই শ্লোগানেৰে অধ্যক্ষগৰাকীয়ে এই কাৰ্যসূচী আগুৱাই নিব । এই সন্দৰ্ভত NSUI ৰ সভাপতি নীৰজ কুণ্ডনে কয়, "ৰাহুল গান্ধীয়ে আমাৰ শেহতীয়া কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশ লৈ আমাক পথ প্ৰদৰ্শন কৰিছিল । পাৰস্পৰিক ক্ৰিয়া-কলাপসমূহৰ সময়ত আমাৰ কিছুমান বিষয়ববীয়াই পৰামৰ্শ আগবঢ়াইছিল যে, আমি সমগ্ৰ দেশতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা যুৱক-যুৱতীসকলৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ অধিৱেশনত প্ৰাক্তন দলৰ মুৰব্বীগৰাকীয়ে অংশগ্ৰহণ কৰিব লাগে । ৰাহুল গান্ধীয়ে এই প্ৰস্তাৱৰ প্ৰতি সন্মতি আগবঢ়ালে ।"
‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’ নামেৰে অভিহিত কৰা এই অভিযানটো দলৰ যুৱ চামক নতুন বিৰোধী গোটৰ নামটোৰ সৈতে সংযোগ কৰাৰ এক ৰণনীতি হিচাপে পৰিগণিত হৈছে । কুণ্ডনে কয়, ‘‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া অভিযান দেশৰ প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়লৈ লৈ যোৱা হ’ব । আমি এই প্ৰতিষ্ঠানসমূহত সদস্যপদ অভিযান চলাম আৰু তাত নতুন গোট স্থাপন কৰিম ।’’
এন এছ ইউ আইৰ সভাপতিগৰাকীয়ে ETV Bharat ৰ আগত এই সন্দৰ্ভত পুনৰ কয় যে, প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে ঘৃণাৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ শক্তি দেশ এখনৰ যুৱ চাম আৰু সেয়া কৰিবলৈ প্ৰতিগৰাকী যুৱককে আগুৱাই আহিবলৈ আহ্বান জনায় ৷ যুৱ শক্তি আৰু দেশখনৰ সবাতোকৈ পুৰণি সৰ্ববৃহৎ ৰাজনৈতিক শক্তিৰ ঐক্যৱদ্ধ প্ৰচেষ্ঠাত ঘৃণাৰ ৰাজনীতি নতজানু হ’ব বুলি আশা কৰে যুৱ নেতা ৰাহুল গান্ধীয়ে ।