নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ:চলিত সপ্তাহতে পশ্চিমবংগলৈ ৰাওনা হ'ব বিজেপিৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী । ৰাজ্যখনৰ ৬-৭টাকৈ লোক সভা সমষ্টিত প্ৰচাৰ চলোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিগৰাকী মন্ত্ৰী তথা জ্যেষ্ঠ দলীয় নেতাক । এই প্ৰচাৰ অভিযানত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, দলৰ কেন্দ্ৰীয় নেতা । চলিত সপ্তাহৰ শেষৰ ফালে পশ্চিমবংগলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
তেওঁক এই অভিযানত গজেন্দ্ৰ শ্বেখাৱট, সঞ্জীৱ বাল্যন, প্ৰহ্লাদ পেটেল, অৰ্জুন মুণ্ডা আৰু মুকেশ মান্দভিয়াই সহযোগ কৰিব বুলি এক সূত্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু মধ্য প্ৰদেশৰ কেবিনেট মন্ত্ৰী নৰোত্তম মিশ্ৰকো পশ্চিমবংগত নিৰ্বাচনী অভিযান চলোৱাৰ দায়িত্ব দিয়া হৈছে । কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলক উত্তৰ বংগৰ দায়িত্ব দিয়া হৈছে ।