নেশ্যনেল ডেস্ক, 1 অক্টোবৰ:প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে ৷ প্ৰকৃত প্ৰেম দূৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে ৷ প্ৰেমে জাতি-কুল নামানে, নামানে ভাষা আৰু ভৌগোলিক দূৰত্বৰ দুৰ্ভেদ্য দেৱাল ৷ আজি আমি আপোনালোকক ক’ব ওলাইছো এক অনুৰূপ ঘটনা ৷
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰথম লগ পাইছিল আমজাদ আৰু তেওঁৰ প্ৰেয়সীয়ে (Missing amu student recovered) ৷ ছাত্ৰীগৰাকী হিন্দু সম্প্ৰদায়ৰ, ইফালে আমজাদ মুছলমান সম্প্ৰদায়ৰ ৷ সকলোবোৰ জানি শুনিও দুয়ো প্ৰেমত পৰিছিল ৷ এই প্ৰেমৰ সম্পৰ্কক বিবাহৰ স্বীকৃতি দিব বিচাৰিছিল দুয়োগৰাকীয়ে ৷ কিন্তু ইয়াৰ পিছতে আহিল ঘৰৰ চিন্তা, সমাজৰ চিন্তা ৷ কি বুলি ক’ব ঘৰৰ লোকক ? জাত-পাত, ধৰ্মৰ দেৱালখন ভঙাটো কিমান সম্ভৱ দুয়োজনে বাৰুকৈয়ে বুজে ৷
উপায়ন্তৰ হৈ বিশ্ববিদ্যালয়ৰ পৰা আমজাদৰ লগত পলোৱাৰ সিদ্ধান্ত ল’লে দুয়োগৰাকীয়ে ৷ কথামতেই কাম ৷ 21 ছেপ্টেম্বৰৰ দিনা ঘৰৰ পৰা আমজাদৰ সৈতে পলাই গ’ল যুৱতীগৰাকী ৷ তাৰ পিছতেই নিজ কন্যাক বিচাৰি নাপাই ঘৰত হুৱা-দুৱা লাগিল পিতৃ-মাতৃৰ ৷ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীক যুৱতীগৰাকী নিখোজ হোৱাৰ সন্দৰ্ভত অৱগত কৰে ৷
বহু বিচাৰ-খোচাৰৰ অন্তত আলিগড় আৰক্ষীয়ে শনিবাৰে মুম্বাইৰ খাৰগড় থানাৰ তালোজা অঞ্চলৰ পৰা আমজাদ সহ প্ৰেয়সীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱতীগৰাকীয়ে আৰক্ষীত জনোৱা অনুসৰি ইতিমধ্যে তেওঁ নিজকে মুছলমান ধৰ্মলৈ ধৰ্মান্তৰণ কৰি আমজাদৰ সৈতে বিবাহপাশত আৱদ্ধ হয় (Student married to lover after conversion) ৷ তেওঁলোকে আলিগড়ৰ পৰা জয়পুৰ পাইছিল আৰু তাৰ পৰা মুম্বাইলৈ গৈছিল ৷ দুয়োজনে পৰিয়ালটো পোহপালৰ বাবে মুম্বাইত এটা চাকৰিৰ সন্ধান কৰি আছিল ৷