অসম

assam

ETV Bharat / bharat

ৰে’লৰ ট্ৰেকত দুৰ্বৃত্তই বান্ধিলে লোৰ পাইপ, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’ল - কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰে’ল

উত্তৰাখণ্ডত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰে’ল (Major accident averted)৷ ডেৰাডুন-অমৃতসৰ লাহোৰী এক্সপ্ৰেছখন দুৰ্ঘটনাত পতিত কৰাবলৈ কোনো দুৰ্বৃত্তই ৰে’লৰ ট্ৰেকত বান্ধি থৈছিল লোৰ পাইপ (Miscreants to iron pipe to rail track)

Miscreants to iron pipe to rail track at Doiwala station, major accident averted
Etv Bharaৰে’লৰ ট্ৰেকত দুৰ্বৃত্তই বান্ধিলে লোৰ পাইপ, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’লt

By

Published : Oct 7, 2022, 10:34 AM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: ৰাখে হৰি মাৰে কোনে ! দুদিন পূৰ্বে উত্তৰাখণ্ডত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী ৰে’ল (Major accident averted)৷ ডেৰাডুন-অমৃতসৰ লাহোৰী এক্সপ্ৰেছখন দুৰ্ঘটনাত পতিত কৰাবলৈ কোনো দুৰ্বৃত্তই ৰে’লৰ ট্ৰেকত বান্ধি থৈছিল লোৰ পাইপ (Miscreants to iron pipe to rail track)৷

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে নিশা 8.37 বজাত ডেৰাডুনৰ পৰা ডেৰাডুন-অমৃতসৰ লাহোৰী এক্সপ্ৰেছখন (Dehradun Amritsar Lahori Express)ৰাওনা হোৱাৰ সময়তে ৰে’লপথত কোনো দুৰ্বৃত্তই 20 ফুট দীঘল লোৰ পাইপ পুতি বান্ধি ৰাখে ৷

যেতিয়াৰ ৰে’লখনে ডইৱালা ষ্টেশ্যন পাৰ হৈ ২৬ আৰু ২৭ নম্বৰৰ ৰে'লৱে গেটৰ মাজভাগ পাইছিল তেতিয়াই ৰে’ল চালক গৰাকীয়ে এডাল দীঘল লোৰ পাইপ পৰি থকা প্ৰত্যক্ষ কৰিছিল ৷ সৌভাগ্যক্ৰমে ৰে’লখন 35 কিলোমিটাৰ বেগত থকাৰ বাবে চালকজনে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰি ৰে’লখন ৰখাই দিবলৈ সক্ষম হয় ৷

ৰে'লৱেৰ জ্যেষ্ঠ শাখা অভিযন্তা ৰাকেশ চান্দে এই ঘটনাটোৰ সন্দৰ্ভত কয় যে দুৰ্বৃত্তই ইচ্ছাকৃতভাৱে লোৰ পাইপৰ এটা অংশ ৰে’লপথত বান্ধি দিয়াৰ লগতে পাইপৰ আনটো মূৰ গছৰ শিপাত বান্ধি থৈ দিছিল ৷ এই ঘটনাৰ অৱগত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজতো হুৱা-দুৱাৰ সৃষ্টি হয় ৷

ঘটনাস্থলীত আৰক্ষীৰ লগতে ৰে'লৱে, আৰপিএফ আৰু জিআৰপিৰ বিষয়াসকলকে ধৰি বিভাগৰ লোক উপস্থিত হয় ৷ প্ৰায় 40 মিনিটৰ প্ৰচেষ্টাৰ পিছত ৰে’লৱে বিভাগৰ লোকে পাইপডাল আঁতৰাবলৈ সক্ষম হয় ৷ ইতিমধ্যে এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:দিল্লী বিমান বন্দৰত জব্দ ২৭ কোটিটকীয়া ঘড়ী

ABOUT THE AUTHOR

...view details