অসম

assam

ETV Bharat / bharat

Burnt Bible in Chapel : মধ্যপ্ৰদেশৰ গীৰ্জাত অচিনাক্ত দুৰ্বৃত্তই জ্বলালে বাইবেল - Bible burnt in Madhya Pradesh Chapel

কিছু অচিনাক্ত দুৰ্বৃত্তই সোমবাৰে মধ্য প্ৰদেশৰ ইটাৰ্চিৰ এটা গীৰ্জাৰ চৌহদৰ ভিতৰত এখন পবিত্ৰ বাইবেল আনি জ্বলাই দিয়ে (miscreants burnt Bible inside chapel in MP) । এগৰাকী স্থানীয় বাসিন্দাই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ।

bible
bible

By

Published : Jan 10, 2023, 7:42 PM IST

নিউজ ডেস্ক, ১০ জানুৱাৰী : এক সূত্ৰ মতে, সোমবাৰে মধ্যপ্ৰদেশৰ ইটাৰ্চীৰ ইভাঞ্জেলিকেল চাৰ্চ অব ইণ্ডিয়াত (Evangelical Church of India, ECI) অচিনাক্ত দুৰ্বৃত্ত প্ৰৱেশ কৰে আৰু তাত এখন বাইবেল জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে (Unidentified miscreants burnt Bible in MP) । ঘটনাটো সন্দৰ্ভত গীৰ্জাটোৰ ওচৰতে বাস কৰা ৫১ বছৰীয়া বাসিন্দা অভিষেক মাৰ্কাছে আৰক্ষী চকীত অভিযোগ দাখিল কৰে । দুৰ্বৃত্তই পবিত্ৰ বাইবেলখন বাহিৰৰ পৰা আনিছিল আৰু তাৰ পিছত গীৰ্জাৰ ভিতৰত জ্বলাই দিয়ে ।

ঘটনাটোৰ বিষয়ে তথ্য প্ৰদান কৰি অভিযোগকাৰী অভিষেকে কয়, "মোক ঘটনাটোৰ বিষয়ে এগৰাকী মহিলাই অৱগত কৰিছিল, যিগৰাকী তেওঁৰ ঘৰৰ কাষত থাকে । গীৰ্জাটোৰ মানুহৰ প্ৰৱেশদ্বাৰ বন্ধ আছিল । সম্ভৱত দুৰ্বৃত্তই সীমাৰ দেৱাল বগাই গীৰ্জাৰ চৌহদত প্ৰৱেশ কৰিছিল । তাত পবিত্ৰ বাইবেলখন জ্বলি থকা অৱস্থাত পোৱা যায় (Bible burnt in Madhya Pradesh Chapel) । পবিত্ৰ কিতাপখন জ্বলাই দিয়াৰ পূৰ্বে দুৰ্বৃত্তই সেইখন কাপোৰেৰে মেৰিয়াই দিছিল ।"

মাৰ্ক্সে কয়, "দেখা গৈছে যে দুৰ্বৃত্তই পবিত্ৰ কিতাপখন বাহিৰৰ পৰা গীৰ্জাটোলৈ লৈ আহিছিল আৰু গীৰ্জাৰ দুৱাৰৰ সন্মুখত ধৰ্মীয় কিতাপখন জ্বলাই দিয়াৰ দৰে দুষ্কাৰ্য কৰিছিল ।"

ইফালে, ঘটনাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মধ্যপ্ৰদেশৰ ইটাৰ্চি জিলাৰ আৰক্ষীয়ে অপৰাধীসকলক বিচাৰি উলিওৱাৰ অভিযান আৰম্ভ কৰিছে । অতিৰিক্ত আৰক্ষী অধীক্ষক (Aditional Superintandant of Police, ASP) অৱদেশ প্ৰতাপ সিঙে কয়, "তথ্য পোৱাৰ পিছত আমি ঘটনাস্থলীত উপস্থিত হৈ বিষয়টো অনুসন্ধান কৰিবলৈ গৈছিলোঁ । ঘটনাটো ইটাৰ্চি চহৰৰ উপকণ্ঠত সংঘটিত হৈছে । বাইবেলৰ সকলো পৃষ্ঠা জ্বলি যোৱা দেখা গৈছে । ঘটনাস্থলীৰ পৰা বাইবেলৰ মাত্ৰ এটা আধা পোৰা পৃষ্ঠাহে উদ্ধাৰ কৰা হৈছে । আমি ধৰ্মীয় কিতাপখনৰ আধাপোৰা পৃষ্ঠাটো মূল পৃষ্ঠাৰ সৈতে মিলাই চাইছোঁ । সেইখন বাইবেল যেন লাগিছে ।" এএছপিয়ে লগতে কয় যে অচিনাক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰটোৰ সকলো দিশৰ পৰা তদন্ত কৰা হৈছে ।

লগতে পঢ়ক :Gau sevak Marjeena Bano : গো সেৱা কৰি মুছলমান সমাজৰ ৰোষত মাৰ্জিনা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details