আগৰতলা,২২ ফেব্ৰুৱাৰী :ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত তীব্ৰ সংঘাত অব্যাহত আছে (BJP and CPIM clash in Tripura)। ইয়াৰ মাজতে দেওবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । গান্ধীগ্ৰামৰ চিপিআই(এম) পশ্চিম ত্ৰিপুৰা জিলা সমিতিৰ সদস্য স্বপ্ন দেৱ আৰু স্থানীয় সমিতিৰ সম্পাদক উত্তম সাহাৰ ঘৰত নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি চোকা অস্ত্ৰ আৰু লাঠিৰে আক্ৰমণ কৰে (Miscreants attack CPIM worker's residence)।
দুৰ্বৃত্তৰ দলটোৱে ঘৰৰ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে মূল্যৱান বস্তু লুটি নিয়াৰো অভিযোগ উঠিছে । ইফালে এই সমগ্ৰ ঘটনাৰ বাবে বিৰোধী চিপিআই(এম) দলে বিজেপিক দোষাৰোপ কৰিছে । তেওঁলোকৰ অভিযোগ বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে এই আক্ৰমণ কৰিছে ।
ভুক্তভোগী পৰিয়ালকেইটাৰ বাসগৃহ পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম) দলৰ নেতা মানিক সৰকাৰে । শাসকীয় দলৰ কৰ্মীসকলে শোভাযাত্ৰাৰ নামত এই ধৰণৰ আক্ৰমণ কৰা বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে ঘৰত কোনো পুৰুষ সদস্য নথকাৰ সময়তে বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে । এনে ধৰণৰ আক্ৰমণ কাপুৰুষৰ লক্ষণ বুলিও তেওঁ অভিযোগ কৰে ।