অসম

assam

By

Published : Jul 12, 2022, 8:13 PM IST

ETV Bharat / bharat

Congress-BJP clash in Tripura : দূৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ নেতাৰ বাহন, বিজেপিলৈ অভিযোগৰ আঙুলি

ত্ৰিপুৰাৰ চেপাহিজালা জিলাত দুৰ্বৃত্তই কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ কৰে (Congress leaders vehicle vandalized in Tripura)। বিশ্ৰামগঞ্জা অঞ্চলত কংগ্ৰেছ নেতাৰ দুখন বাহন ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তই । কংগ্ৰেছৰ অভিযোগ এই কাৰ্যত বিজেপিৰ সমৰ্থিত গুণ্ডাবাহিনী জড়িত ।

Congress
দৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ নেতাৰ বাহন

আগৰতলা,১২ জুলাই :ত্ৰিপুৰাত পুনৰ উত্তেজনা (Tense situation in Tripura)। এইবাৰ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ (Miscreants attack Congress leader vehicle in Tripura)। ত্ৰিপুৰা কংগ্ৰেছৰ দায়িত্বত থকা এআইচিচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা জাৰিতা লাইটফ্লাঙৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ । চেপাহিজালি জিলাৰ অন্তৰ্গত বিশ্ৰামগঞ্জা অঞ্চলত কংগ্ৰেছ নেতাৰ দুখন বাহন ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তই ।

কংগ্ৰেছৰ অভিযোগ এই কাৰ্যত বিজেপিৰ সমৰ্থিত গুণ্ডাবাহিনী জড়িত । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'বলৈ বিশ্ৰামগঞ্জাত উপস্থিত হৈছিল । বিজেপিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলি তেওঁ কয় যে বৈঠকলৈ অহাৰ সময়তে তেওঁলোকৰ বাহনত বিজেপি সমৰ্থিত গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰে (AICC National Secretary Szarita Laitphlang criticized BJP)। এই ঘটনা দেখি আচৰিত কংগ্ৰেছ নেত্ৰীগৰাকী ।

দূৰ্বৃত্তই ভাঙিলে কংগ্ৰেছ নেতাৰ বাহন, বিজেপিলৈ অভিযোগৰ আঙুলি

কিয়নো সেই স্থানত আৰক্ষীৰ লোক থকাৰ পাছতো কেনেদৰে তেওঁলোকৰ বাহন গুণ্ডাবাহিনীয়ে ভাঙিলে বুলি প্ৰশ্ন কৰে নেত্ৰীগৰাকীয়ে । তেওঁৰ মতে জনসাধাৰণক সুৰক্ষা প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি নেতৃতাধীন ৰাজ্য চৰকাৰ । কেৱল দলীয় কৰ্মীৰে বৈঠকলৈ অহাৰ সময়তে তেওঁলোকৰ বাহনত এনেদৰে আক্ৰমণ কৰাত ক্ষোভিত হৈ পৰিছে এআইচিচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকাগৰাকী ।

ৰাজ্যখনৰ গণতান্ত্ৰিক ব্যৱস্থা সংকটত বুলিও অভিযোগ কৰিছে জাৰিতা লাইটফ্লাঙে । সেয়েহে জনসাধাৰণক এই চৰকাৰক উৎখাত কৰিবলৈ অনুৰোধ জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । তেওঁৰ মতে বিজেপিয়ে নিৰন্তৰভাৱে তেওঁলোকৰ হত্যাৰ ভাবুকি দি আহিছে ।

অৱশ্যে সমগ্ৰ বিষয়টো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথাও উল্লেখ কৰে । ইফালে ত্ৰিপুৰাৰ সাম্প্ৰতিৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি নেত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ পৰিস্থিতি অতি ভয়ংকৰ আৰু গণতন্ত্ৰক প্ৰায় প্ৰতিদিনেই আঘাত কৰি গৈছে ।

লগতে পঢ়ক :Protest against non-recruitment of teachers: শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত পথ অৱৰোধ

ABOUT THE AUTHOR

...view details