অসম

assam

ETV Bharat / bharat

CAG report: নাগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগত ২০৭ কোটি টকা আত্মসাৎ - নাগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগত ২০৭ কোটি টকা আত্মসাৎ

নাগালেণ্ডৰ বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতি সম্পৰ্কে কেগৰ(CAG) প্ৰতিবেদন । এই প্ৰতিবেদন অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যখনত ২০৭ কোটি টকাৰ লুণ্ঠন হৈছে (207 crore was embezzled in Nagaland)। ইয়াৰে সৰ্বাধিক শিক্ষা বিভাগত ৮২.৭৯ কোটি টকা আত্মসাৎ কৰাৰ দুটা গোচৰ আছে ।

Nagaland
নাগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগত ২০৭ কোটি টকা আত্মসাৎ

By

Published : Mar 24, 2022, 12:55 PM IST

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :চৰকাৰী পুঁজিৰ লুণ্ঠন চলাইছে নাগালেণ্ড চৰকাৰে । ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় ২০৭ কোটি টকাৰ লুণ্ঠন হোৱাৰ তথ্য পোহৰলৈ আহিছে (Rs 207 crore embeased in Nagaland)। কেগৰ(CAG) এক প্ৰতিবেদনত এই কথা স্পষ্ট হৈ পৰিছে (CAG Report on Nagaland embezzlement)। বিধানসভাত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ'ই দাখিল কৰা প্ৰতিবেদন অনুসৰি চৰকাৰী ধন লুণ্ঠনৰ প্ৰায় ২৬ টা ঘটনা পোহৰলৈ আহিছে ।

তথ্য অনুসৰি নাগালেণ্ড চৰকাৰৰ ১২ টা বিভাগত মুঠ ২০০.৬৫ কোটি আৰু আন কেইবাটাও বিভাগত ৬.৬ কোটি টকা আত্মসাৎ কৰা হৈছে । চৰকাৰৰ শিক্ষা বিভাগত মুঠ ৮২.৭৯ কোটি টকা আত্মসাৎ কৰাৰ দুটা গোচৰ আছে । ইয়াৰে ৭০ কোটি টকা সম্পৰ্কে বিভাগীয় আৰু অপৰাধমূলক তদন্ত চলি আছে । বিদ্যুৎ বিভাগত ২৫.২৮ কোটি টকা আত্মসাৎ কৰা হৈছে । যিবোৰৰ তদন্ত বৰ্তমানেও চলি আছে ।

কেগৰ প্ৰতিবেদন অনুসৰি কোৱা হৈছে যে গড়কাপ্টানী (পথ আৰু দলং) বিভাগত ২৩.৭৯ কোটি টকাৰ তিনিটা আত্মসাৎৰ গোচৰ ৰুজু হৈছে । অন্যান্য বিভাগবোৰ ক্ৰমে পৰিকল্পনা আৰু সমন্বয়ত ২০.২৩ কোটি, পৰ্যটন বিভাগত ১৪.২০ কোটি আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ১৩.৭০ কোটি । বিধানসভাত এই প্ৰতিবেদন দাখিল কৰাৰ এমাহৰ ভিতৰত অ’ডিট প্ৰতিবেদনৰ ওপৰত এক স্বতঃপ্ৰণোদিত ব্যাখ্যামূলক টোকা (suo motu explanatory note) দাখিলৰ বাবে কেগে আহ্বান জনাইছিল ।

লগতে পঢ়ক :পুষ্কৰ সিং ধামীৰ শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ দেৱে কৰিলে এই মন্তব্য

ABOUT THE AUTHOR

...view details