অসম

assam

Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু

By

Published : Oct 6, 2022, 2:08 PM IST

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ১২ ঘণ্টা পিছত এগৰাকী দুবছৰীয়া কন্যাশিশুক তেওঁৰ মৃত মাতৃৰ বুকুৰ মাজত সুৰক্ষিতভাৱে থকা অৱস্থাত পোৱা যায় (2 years kid Miraculous escape from accident) ।

accident
accident

নিউজ ডেস্ক, ৬ অক্টোবৰ : কথাতে কয় ৰাখে হৰি মাৰে কোনে ! আন এক কথাত ক'বলৈ গ'লে দেৱশিশুক ৰক্ষা কৰিবলৈ স্বয়ং ভগৱান আহি উপস্থিত হয় । এই দুয়োটা উপমায়ে খাটে উত্তৰাখণ্ডত মঙলবাৰে সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাটোৰ ক্ষেত্ৰত । উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাত এটো বিবাহযাত্ৰী দলৰ ৪৫-৫০ জন সদস্যক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত পৰি ৩৩ জন লোকৰ মৃত্যু হয় । বাছখন হৰিদ্বাৰৰ লালধাং চহৰৰ পৰা বিৰোনখালৰ কান্দা গাঁৱলৈ গৈ আছিল । সেই সময়তে মঙলবাৰে চিমৰি বেণ্ডৰ ওচৰত এটা খাদত পৰি যায় বাছখন ।

উক্ত দুৰ্ঘটনাটোতে এগৰাকী দুবছৰীয়া কন্যাশিশু দিব্যাঞ্চীক অলৌকিকভাৱে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় (2 years Divyanshi found alive after 12 hours) । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ 12 ঘণ্টাৰ পিছত তেওঁক মৃত মাতৃৰ বুকুত সাবটি থকা অৱস্থাত জীৱন্তে উদ্ধাৰ কৰা হয় । উল্লেখ্য, শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰছুলপুৰ চহৰৰ গুডিয়া দেৱী আৰু তেওঁৰ দুবছৰীয়া কন্যা দিব্যাঞ্চী উক্ত বাছখনত আছিল । দিব্যাঞ্চী মাতৃৰ কোলাত আছিল আৰু তেওঁৰ মাতৃ বাছখনৰ পৰা পৰি যোৱাৰ পিছতো শিশুটিক এৰি দিয়া নাছিল । উদ্ধাৰৰ পিছত দিব্যাঞ্চীক সুৰক্ষিতভাৱে তেওঁৰ ঘৰলৈ নিয়া হয় ।

উল্লেখ্য, উত্তৰাখণ্ডত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ বাছ দুৰ্ঘটনা (Bus accident in Uttarakhand) ৷ উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাত এখন বিবাহযাত্ৰীৰ বাছ প্ৰায় 500 মিটাৰ দ খাৱৈত পৰি যোৱাৰ ফলত ৩৩ জন লোক নিহত হয় । বিবাহযাত্ৰীৰ বাছখন লালধাঙৰ পৰা বিৰোনখালৰ এখন গাঁৱলৈ গৈ থকা সময়তে চিমৰি বেণ্ডৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয় (Wedding Bus fell into ditch) ।

মঙলবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আনহাতে, উদ্ধাৰকাৰী দলটোৱে প্ৰায় 21 জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ নিশা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দল তথা স্থানীয় লোক বহু অসুবিধাৰ সন্মুখীন হয় ৷ দুৰ্ঘটনাস্থলীত লাইটৰ কোনো ব্যৱস্থা নথকাৰ বাবে গাঁৱৰ লোকে মোবাইলৰ ফ্লাছ লাইটৰ সহায়ত বাছৰ ভিতৰত আবদ্ধ লোকসকলক উদ্ধাৰ কৰাত বহু অসুবিধাৰ সন্মুখীন হয় ৷

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে (Uttarakhand CM Pushkar Singh Dhami) এই শোকাৱহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, লালধাঙৰ শিৱ মন্দিৰৰ নিকটৱৰ্তী প্ৰয়াত নন্দ ৰামৰ পুত্ৰ সন্দীপৰ বাবে কইনা আনিবলৈ পাউৰী জিলাৰ কান্দা গাঁৱলৈ ৰাওনা হৈছিল বিবাহযাত্ৰীৰ দলটো । বাছখনত প্ৰায় 46-50 জন বৰযাত্ৰী আছিল । আনহাতে, দৰা সন্দীপো গাড়ীখনতে আছিল । কিন্তু কইনাৰ ঘৰ পোৱাৰ পূৰ্বে বিৰোনখালৰ চিমদি বেণ্ডৰ ওচৰত চালকে নিয়ন্ত্ৰণ হেৰুওৱাত গাড়ীখন এটা দ খাৱৈত বাগৰি পৰে (Bus falls into deep gorge) ।

লগতে পঢ়ক :কেলিফৰ্ণিয়াত অপহৃত শিখ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details