নেশ্যনেল ডেস্ক, 20 জুন : ক'ভিড সজাগতাৰ বাবে অহা ২১ জুনৰ পৰা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে (minority affairs ministry) দেশত আৰম্ভ কৰিব এক বিশেষ সজাগতা অভিযান । কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি (Mukhtar Abbas Naqbi)য়ে শনিবাৰে কোৱা মতে গ্ৰাম্য অঞ্চলত ক'ভিডৰ বিৰুদ্ধে টীকাকৰণ কৰাৰ বাবে এই অভিযান চলাব । মন্ত্ৰীগৰাকীৰ মতে "জান হে তো জাহান হে"(Jaan Hai To Jahaan Hai) কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰালয়ে বিভিন্ন সামাজিক-শৈক্ষিক সংগঠন, বেচৰকাৰী সংগঠন আৰু মহিলা আত্ম সহায়ক গোটৰ সৈতে ২১ জুনত সজাগতা অভিযান আৰম্ভ কৰিব । উত্তৰ প্ৰদেশৰ সংখ্যালঘু অধ্যুষিত ৰামপুৰ জিলাৰ পৰা দেশজুৰি এই সজাগতা অভিযান আৰম্ভ হ'ব ।
মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত উল্লেখ কৰা মতে দেশৰ গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলত টীকাকৰণকলৈ কিছুমান উৰাবাতৰি প্ৰচাৰ হোৱা দেখা গৈছে । সেই উৰাবাতৰিসমূহ দূৰ কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে বিভিন্ন ধৰ্মীয় নেতা, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, চিকিৎসা, বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে টীকাকৰণৰ বাবে জনসাধাৰণলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিব। তেওঁ কোৱা মতে এই অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশতে বাটৰ নাটকৰো আয়োজন কৰা হ'ব ।
উৰাবাতৰি বিয়পোৱা সকলক মন্ত্ৰীগৰাকীয়ে "স্বাস্থ্য আৰু কল্যাণৰ শত্ৰু" বুলি অভিহিত কৰে । তেওঁৰ মতে ভাৰতত নিৰ্মিত দুটাকৈ প্ৰতিষেধক বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল লগতে ই বৈজ্ঞানিকভাৱে প্ৰমাণিত আৰু সুৰক্ষিত । কৰ'ণা ভাইৰাছক পৰাস্ত কৰিবলৈ একমাত্ৰ এই প্ৰতিষেধক একমাত্ৰ উপায় বুলিও তেওঁ উল্লেখ কৰে ।