অসম

assam

By

Published : Jun 28, 2023, 2:14 PM IST

Updated : Jun 28, 2023, 2:22 PM IST

ETV Bharat / bharat

Escape From juvenile home: জয়পুৰৰ শিশু পুনৰ্বাসন কেন্দ্ৰৰ দেৱাল ভাঙি পলায়ন 15 গৰাকীৰ; আৰক্ষীৰ অভিযান অব্যাহত

জয়পুৰৰ শিশু পুনৰ্বাসন কেন্দ্ৰৰ দেৱাল ভাঙি 15 জন কিশোৰে পলায়ন কৰে ৷ এই চাঞ্চল্যকৰ ঘটনাৰ সবিশেষ জানিব পাৰি তাৎক্ষণিকভাৱে নগৰ আৰক্ষী থানা আৰু জয়পুৰ (পূব)ৰ ডিচিপি জ্ঞানচান্দ যাদৱে সেই স্থানত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰে ৷

Escape From juvenile home
সংস্কাৰ গৃহৰ পৰা দেৱাল ভাঙি পলায়ন 15 গৰাকী

নিউজ ডেস্ক, 28 জুন: মঙলবাৰে নিশা ৰাজস্থানৰ জয়পুৰৰ শিশু পুনৰ্বাসন কেন্দ্ৰৰ দেৱাল ভাঙি 15 জন কিশোৰে পলায়ন কৰে ৷ এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে শিশু পুনৰ্বাসন কেন্দ্ৰত চাঞ্চল্যৰ সৃষ্টি হয় ৷ এই চাঞ্চল্যকৰ ঘটনাৰ সবিশেষ জানিব পাৰি তাৎক্ষণিকভাৱে নগৰ আৰক্ষী থানা আৰু জয়পুৰ (পূব)ৰ ডিচিপি জ্ঞানচান্দ যাদৱে সেই স্থানত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰে ৷ কিশোৰ উন্নয়ন গৃহৰ অধীক্ষক মনোজ গেহলটৰ প্ৰতিবেদনত নগৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্যে পলাতক কিশোৰকেইটিৰ সন্ধানত আছে চাৰিটাকৈ আৰক্ষীৰ দল ৷ উল্লেখযোগ্য যে, পলাতক কিশোৰ কেইজনৰ ভিতৰত এজনে মঙলবাৰেই জামিন লাভ কৰিছিল আৰু বুধবাৰে মুকলি হ’ব লাগিছিল ৷ কিন্তু যেতিয়া তেওঁৰ অধিবক্তাই জামিনৰ নথি-পত্ৰ লৈ কিশোৰ গৃহত উপস্থিত হয়, তাৰ পূৰ্বেই তেওঁ নিশা পলায়ন কৰে ৷

শিশু পুনৰ্বাসন কেন্দ্ৰৰ অধীক্ষক মনোজ গেহলটে কয় যে, মঙলবাৰে নিশা প্ৰায় 3 বজাত 15 জন কিশোৰে শৌচাগাৰৰ মাজত থকা ভেণ্টিলেচন শ্বাফ্টৰ দেৱাল ভাঙি মানসিক চিকিৎসালয় শিবিৰৰ ফালে জঁপিয়াই পলায়ন কৰে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷

শিশু পুনৰ্বাসন কেন্দ্ৰৰ দেৱাল ভাঙি পলাই যোৱা 15 জন কিশোৰৰ ভিতৰত আছে চুৰি, আক্ৰমণ আৰু ধৰ্ষণৰ অভিযোগত অভিযুক্ত কিশোৰ ৷ এজন কিশোৰ 2 জুনত পলাই গৈছিল ৷ তেওঁ প্ৰায় দহ দিনৰ পিছত ধৰা পৰিছিল আৰু শিশু পুনৰ্বাসন কেন্দ্ৰলৈ ঘূৰাই পঠোৱা হৈছিল ৷ কিন্তু মঙলবাৰে পুনৰ তেওঁ পুনৰ পলাই যায় ৷

চাৰিটা দলে পলাতক কিশোৰ কেইজনৰ সন্ধানত অভিযান চলাই আছে ৷ ট্ৰেন্সপ’ৰ্ট নগৰ আৰক্ষী থানাৰ বিষয়া জয়প্ৰকাশে জনোৱা মতে, আৰক্ষীয়ে পলাতক কিশোৰ কেইজনৰ সন্ধানত নিয়োজিত হৈ আছে ৷ ইয়াৰ বাবে নগৰ থানাৰ লগতে আদৰ্শ নগৰ, জৱাহৰ নগৰ থানা আৰু ডি এছ টিয়েও পলাতক কিশোৰ কেইজনৰ সন্ধানত অভিযান চলাই আছে ৷ বাছ ষ্টেণ্ড আৰু ৰে’ল ষ্টেচনৰ সমান্তৰালকৈ আৰক্ষীয়ে তেওঁলোকৰ পলায়নৰ সম্ভাৱ্য স্থান বিচাৰিছে ৷ তেওঁলোকৰ বাসগৃহৰ থানাতো তেওঁলোকৰ বিষয়ে তথ্য দিয়া হৈছে ৷

4 আৰু 5 জুনত, কিশোৰ সকলে সংস্কাৰ গৃহত হুলস্থূলৰ সৃষ্টি কৰিছিল ৷ মঙলবাৰে 15 জন কিশোৰ পলাই যায় ৷ তেওঁলোকৰ বেছিভাগেই পূৰ্বে্ হুলস্থুল সৃষ্টি কৰাত জড়িত আছিল ৷ ইয়াৰ আগতে, 2 জুনত দুজন শিশু পুনৰ্বাসন কেন্দ্ৰৰ পৰা পলাই গৈছিল ৷ ঘটনাটোৰ দহ দিনৰ পিছত তেওঁলোকৰ এজনক ধৰা পৰিছিল আৰু এজন শিশু পুনৰ্বাসন কেন্দ্ৰলৈ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু মঙলবাৰে তেওঁ পুনৰ পলাই যায় ৷

লগতে পঢ়ক:Manipur Violence : মণিপুৰৰ হিংসাত ম্যানমাৰৰ মাজেৰে সৰবৰাহ কৰা অস্ত্ৰ ব্যৱহাৰ; চোৰাংচোৱাৰ অভিযোগ

Last Updated : Jun 28, 2023, 2:22 PM IST

ABOUT THE AUTHOR

...view details