অসম

assam

By

Published : Jan 15, 2021, 12:30 PM IST

ETV Bharat / bharat

মধ্য প্ৰদেশৰ শিৱপুৰীত দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী

মধ্য প্ৰদেশৰ শিৱপুৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা । দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী । দোকানলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী । অৱশেষত আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে ।

মধ্য প্ৰদেশৰ শিৱপুৰীত দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী
মধ্য প্ৰদেশৰ শিৱপুৰীত দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত ৪টা নৰপিশাচৰ অসৎ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী । বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা । নিৰ্যাতিতা কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে, ভনীয়েকৰ বাবে দোকানৰ পৰা বস্তু আনিবলৈ যাওতেই কিশোৰীগৰাকীক প্ৰথমে এজন লোকে বলপূৰ্বকভাৱে নিজৰ ঘৰলৈ লৈ যায় । পিছত আন ৩ জন লোকৰ সৈতে লগ হৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰে । দোকানলৈ বুলি ওলাই যোৱাৰে পৰা কিশোৰীগৰাকী সন্ধানহীন হৈ থকা বাবে প্ৰথমে পৰিয়ালৰ লোকে পোহৰী আৰক্ষী থানাত কিশোৰীগৰাকী অপহৃত হোৱা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ।

কিশোৰী গৰাকীক অপহৰণ কৰাৰ সন্দেহত তিনিজন লোকৰ নামো আৰক্ষীৰ আগত উল্লেখ কৰিছিল পৰিয়ালৰ লোকে । পিছত আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰে আৰু ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ আহে । সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বে সিদ্ধি জিলাৰ এখন গাঁৱত দেওবাৰে নিশা এগৰাকী বিধৱা মহিলাও দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল । ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পিছত নিৰ্মমভাৱে ধৰ্ষণকাৰীয়ে মহিলাগৰাকীৰ যৌনাংগত লোহাৰ ৰড ভৰাই দিছিল । সঘনাই ৰাজ্যখনত সংঘটিত হোৱা এনে ঘটনাই কিশোৰী, মহিলাসকলৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে ।

লগতে পঢ়ক:জ’ বাইডেন প্ৰশাসনত অন্তৰ্ভুক্ত আন এগৰাকী কাশ্মীৰি মূলৰ মহিলা

ABOUT THE AUTHOR

...view details