অসম

assam

By

Published : Dec 26, 2021, 1:42 PM IST

ETV Bharat / bharat

Minor girl raped in Moradabad : মোৰাদাবাদত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত পুনৰ ধৰ্ষণ আৰু হত্যাৰ বলি নাবালিকা । এইবাৰ মোৰাদাবাদত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিলে দুৰ্বৃত্তই (Minor girl raped in Moradabad) । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

Minor girl raped in Moradabad
মোৰাদাবাদত ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ :উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত ধৰ্ষণৰ ঘটনা সংঘটিত হৈয়ে আছে । এইবাৰ ৰাজ্যখনৰ মোৰাদাবাদত ধৰ্ষণৰ বলি ৭ বছৰীয়া শিশু (Minor girl raped in Moradabad)। কোনো অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰে শিশুটিক ৷

জানিব পৰা মতে, বুধবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল শিশুটি । পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল ৷ শুকুৰবাৰে কন্থ অঞ্চলৰ কুঁহিয়াৰ পথাৰত এজন কৃষকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ । লগে লগে আৰক্ষীক খবৰ দিয়া হয় ।

পৰৱৰ্তী সময়ত শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্পষ্ট হয় যে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা হৈছে ।

কন্থ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহেশ গৌতমে সদৰী কৰা অনুসৰি, ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আৰু POCSO আইনৰ বিভিন্ন ধাৰাত ধৰ্ষণ, অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

তেওঁ দাবী কৰা মতে, অতি শীঘ্ৰে দোষীক কৰায়ত্ত্ব কৰা হ'ব । এই ঘটনাৰ পাছতে মোৰাদাবাদৰ সাংসদ এছ টি হাছানে মৃত শিশুটিৰ পৰিয়ালক সাক্ষাৎ কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক :Laharighat Rape Case Encounter: তিনি নাবালিকাৰ ধৰ্ষণকাৰী ৰজনীক গুলীয়ালে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details