নেশ্যনেল ডেস্ক, 10 জুলাই :উন্নয়নশীল দেশ ভাৰতত এতিয়াও বাল্য বিবাহৰ (Child marriage in India) দৰে কিছুমান প্ৰথা অব্যাহত আছে । এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যদিও বহু ৰাজ্যত এই প্ৰথা চলিয়ে আছে । বিশেষকৈ লকডাউনৰ সময়চোৱাত মহাৰাষ্ট্ৰত এই প্ৰথা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা পোহৰলৈ আহিছে (Child marriage in Maharashtra)। যাৰ বাবে ৰাজ্য চৰকাৰ যথেষ্ট কঠোৰ হৈছে আৰু বহু বিবাহো বন্ধ কৰা হৈছে । তৎস্বত্বেও ভাৰতবৰ্ষৰ কিছু কিছু স্থানত এতিয়াও বাল্যবিবাহৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ৷
এইবাৰ তেনেই এক ঘটনা সংঘটিত হ'ল মহাৰাষ্ট্ৰৰ উলহাচনগৰত ৷ ঘটনা অনুসৰি এগৰাকী 15 বছৰীয়া নাবালিকাক গুজৰাটৰ এজন 25 বছৰীয়া যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ কৰোৱা হৈছিল(Minor girl from Maha forcibly married in Gujarat) ৷ কিন্তু বিবাহৰ 10 দিনৰ পিছতে কিশোৰীগৰাকীয়ে গুজৰাটৰ তেওঁৰ শহুৰৰ ঘৰৰ পৰা পলায়ন কৰে ৷ ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে ৭ জুলাইত উলহাচনগৰৰ হিল লাইন আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷
আৰক্ষীয়ে সোধ-পোচ কৰাত কিশোৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, কিশোৰগৰাকীৰ প্ৰকৃত বয়স লুকুৱাবলৈ তেওঁৰ পৰিয়ালে নথিপত্ৰসমূহ জাল কৰিছিল আৰু বলপূৰ্ৱক যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ কৰোৱা হৈছিল (Minor forced to Marriage) ৷ নাবালিকাগৰাকীয়ে শিক্ষাগ্ৰহণ কৰিব বিচাৰিছিল যদিও আৰ্থিক সমস্যাৰ বাবে মাতৃয়ে সপ্তম শ্ৰেণীতে পঢ়া সাং কৰিবলৈ কৈছিল ৷ কিশোৰীগৰাকীৰ পিতৃ হৈছে পেছাত এজন অটো ড্ৰাইভাৰ ৷
লগতে পঢ়ক :Rape case in Nalbari: বন্ধুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
অভিযোগ মতে, কিশোৰীগৰাকীৰ মাতৃ, মোমায়েক আৰু ঘটক হিচাপে কাম কৰা এগৰাকী মহিলাই সম্বন্ধীয় এজন খুৰাকৰ সৈতে মিলি কিশোৰীগৰাকীৰ বয়স 18 বছৰ দেখুওৱাৰ বাবে আধাৰ কাৰ্ড আৰু স্কুলৰ প্ৰমাণপত্ৰ জাল কৰিছিল । এই অভিযোগৰ ভিত্তিত উলহাচনগৰ আৰক্ষীয়ে কিশোৰীগৰাকীৰ মাতৃ, খুৰাক, মোমায়েক আৰু মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷
কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ মাতৃ আৰু খুৰাকে এই বিয়াত বহিবলৈ তেওঁক বাধ্য কৰোৱাইছিল ৷ 25 জুন অৰ্থাৎ বিবাহৰ দিনা কিশোৰীগৰাকীক তেওঁৰ পৰিয়ালৰ লোকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছিল ৷ তদন্তকাৰী বিষয়া অম্বিকা ঘাষ্টে কয় যে, কিশোৰীগৰাকীৰ পিতৃয়ে এই বিবাহৰ বিৰোধিতা কৰিছিল যদিও মাতৃ আৰু খুৰাকে মিলি জোৰেৰে কিশোৰীগৰাকীক গুজৰাটৰ যুৱকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰাইছিল ৷