নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ :ওড়িশাৰ এটা দৰিদ্ৰ পৰিয়ালৰ দুৰৱস্থা । গুৰুতৰভাৱে আহত পৰিয়ালৰ সদস্যক হাস্পতাললৈ নিবলৈ এখন বাহনৰ যোগাৰ কৰিবলৈ অক্ষম পৰিয়ালটো । আঘাতপ্ৰাপ্ত পিতৃক ঠেলাত লৈ হাস্পতাল পালে ১৪ বছৰীয়া কিশোৰী । সম্প্ৰতি সংবাদ মাধ্যমত পৰিয়ালটোৰ এই দুৰ্দশাৰ বাতৰি প্ৰকাশ পাইছে । লগে লগে সমগ্ৰ দেশতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ।
ঘটনাটো ধুচুৰী নাদিগাঁৱৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে এক দলীয় সংঘৰ্ষত নাদিগাঁৱৰ বাসিন্দা সম্ভূনাথ চেঠী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ লৈ যাবলৈ এখন বাহন ভাড়া কৰিবলৈ পৰিয়ালটোৰ ধনৰ অভাৱ আছিল । যাৰ বাবে তেওঁক ১৪ বছৰীয়া কন্যা সুজাতাই এখন ঠেলাৰে ধামনগৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায় ।
পাচত উন্নত চিকিৎসাৰ বাবে কন্যা সুজাতাই ২৩ অক্টোবৰত পিতৃক পুনৰ ৩৫ কিলোমিটাৰ দূৰৈত থকা ওড়িশাৰ ভদ্ৰক জিলা সদৰ চিকিৎসালয়লৈ লৈ যায় । কিন্তু বৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই পিতৃৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন বুলি কয় । কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ হাতত কোনো বিকল্প নাছিল । যাৰ বাবে কিশোৰীগৰাকীয়ে পিতৃক পুনৰ ঠেলাখনেৰে ঘৰলৈ উভতাই লৈ আহে ।
ঘৰলৈ উভতি যোৱাৰ সময়তে একাংশ সাংবাদিকে পিতৃসহ কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰে । সাংবাদিকৰ সন্মুখত কিশোৰীগৰাকীয়ে তেওঁৰ পৰিয়ালটোৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰে । ইফালে এই তথ্য পোৱাৰ পাচতে ভদ্ৰকৰ বিধায়ক আৰু ধামনগৰৰ প্ৰাক্তন বিধায়ক পৰিয়ালটোৰ কাষ চাপে । এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়াৰ লগতে নেতাকেইজনে পৰিয়ালটোক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পিতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰে । সম্প্ৰতি সম্ভূনাথ চেঠী ওড়িশাৰ ভদ্ৰক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Right to marry person of choice; নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো সাংবিধানিক অধিকাৰ, পৰিয়ালে আপত্তি কৰিব নোৱাৰে : দিল্লী উচ্চ ন্যায়ালয়