অসম

assam

ETV Bharat / bharat

ভাতৃৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ’ল ভগ্নী

ভাতৃৰ ধৰ্ষণৰ বলি এগৰাকী নাবালিকা (Brother raped minor in Mainpur) ৷ কেৱল ধৰ্ষণ কৰাই নহয় ভাতৃয়ে পেট্ৰ’ল ঢালি ভুক্তভোগী নাবালিকাগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে (Minor burnt by pouring petrol in Mainpur) ৷ বৰ্তমান জীৱন-মৃত্যুৰে চিকিৎসালয়ত যুঁজ দি আছে ভুক্তভোগী নাবালিকাগৰাকীয়ে ৷

Brother raped minor in Mainpur
ভাতৃৰ কামনাৰ বলি

By

Published : Oct 9, 2022, 9:01 PM IST

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : এক শিহৰণকাৰী ঘটনা ৷ ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কতো লাগিছে এতিয়া কেনা ৷ ভাতৃ-ভগ্নীৰ বিশ্বাসৰ এনাজৰীডালো বৰ্তমান থুনুকা হ’বলৈ ধৰিছে ৷ কিয়নো এইবাৰ ভাতৃৰ কামনাৰ বলি হ’ল এগৰাকী ভগ্নী (Brother raped minor in Mainpur)৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে তেজৰ সম্পৰ্কও এতিয়া মলিয়ন হৈছে বুলি অভিযোগ উঠিছে ৷

কেৱল ভাতৃয়ে ভগ্নীক ধৰ্ষণ কৰাই নহয়, পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰো অভিযোগ উত্থাপিত হৈছে (Minor burnt by pouring petrol in Mainpur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ আমি কৈ থকা এই ঘটনাটো হৈছে মৈনপুৰীৰ ৷

তথ্য অনুসৰি, বিগত 6 ছেপ্টেম্বৰত এগৰাকী গৰ্ভৱৰ্তী নাবালিকাক জ্বলাই দিয়াৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাচতেই ভুক্তভোগী নাবালিকাগৰাকীক পৰিয়ালৰ লোকে অতি সংকতজনক অৱস্থাত চৈফাই পিজিআইত ভৰ্তি কৰোৱায় ৷ ইফালে দেওবাৰে ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্তজনৰ বিৰুদ্ধে থানা কুৰাৱলীত ৰুজু কৰা হয় এক গোচৰ ৷

ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে উল্লেখ কৰা অনুসৰি, নাবালিকাগৰাকীক ভায়েকে (বৰদেউতাকৰ পুতেক) তিনি মাহৰ পূৰ্বে ধৰ্ষণ কৰিছিল (Mainpuri Brother raped Minor girl) ৷ ধৰ্ষণৰ কিছু দিনৰ পাচতে নাবালিকাগৰাকী গৰ্ভৱতী হোৱা বুলি জানিব পৰা গৈছিল ৷ তেতিয়া নাবালিকাগৰাকীক অভিযুক্তই এই বিষয়ে কাকো একো নজনাবলৈ ভয়-ভাবুকি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :সাতগাঁও সেনা ছাউনীত প্ৰেম প্ৰত্যাখান কৰা বাবে যুৱতীক ছুৰিকাঘাত যুৱকৰ

কিন্তু এই কথা যেতিয়া পৰিয়ালৰ লোকে অৱগত হয় তেতিয়াই নাবালিকাগৰাকীক অভিযুক্ত ভাতৃয়ে 6 ছেপ্টেম্বৰৰ দিনা পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলায় (Mainpur rape victim burnt) ৷ কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ তৎপৰতাত যুৱতীগৰাকীক অতি সংকতজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

প্ৰথম অৱস্থাত নাবালিকাগৰাকীক মৈনপুৰী জিলা চিকিৎসালয়ত (District Hospital Mainpur) ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক চৈফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, ভুক্তভোগী নাবালিকাগৰাকীয়েও ভাতৃয়ে ধৰ্ষণ কৰা কৰা বুলি আৰক্ষীৰ আগত মন্তব্য কৰে ৷

ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰ ভাষ্যৰ আধাৰতে আৰক্ষীয়ে বৰ্তমান পকচো আইনৰ ধাৰা 307, 376-ৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰ । আনকি আৰক্ষীয়ে অভিযুক্ত যুৱকজনক আটক কৰি ইতিমধ্যে জেৰা আৰম্ভ ৷ অৱশ্যে এই ঘটনাৰ লগত কেবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷

এই ঘটনাৰ লগত জড়িত আন দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক :সাপেখাতীৰ ৰহনৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল

ABOUT THE AUTHOR

...view details