নেশ্যনেল ডেস্ক, 27 আগষ্ট : পশ্চিমবংগৰ কৃষ্ণনগৰৰ ঘোৰ্ণী অঞ্চলক এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ অঞ্চলটোৰ এখন আমৰ বাগিচাত এটা মোনাত এটা 14 বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ এই ঘটনাৰ পিচতে মৃত কিশোৰটোৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি অভিযুক্তই কিশোৰটোক অপহৰণ কৰিছিল, তাৰ পিচতে কিশোৰটোৰ মুক্তিৰ বাবে ফোনযোগে 3 লাখ টকা দাবী কৰিছিল ৷ ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত মৃত কিশোৰটোৰ লগৰ দুজন বন্ধুক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই ঘটনাটো নদিয়াৰ কৃষ্ণনগৰ কোতৱালী আৰক্ষী থানা অঞ্চলত সংঘটিত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এটা 14 বছৰীয়া কিশোৰে শুকুৰবাৰ অৰ্থাৎ 25 আগষ্টৰ সন্ধিয়া চাইকেলেৰে ঘৰৰ পৰা ওলাই গৈছিল ৷ তেতিয়াৰ পৰা কিশোৰটো ঘৰলৈ উভতি অহা নাছিল ৷ ঘৰৰ লোকে কিশোৰটোৱে উভতি নহা দেখি বহু বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷ তাৰ পিচতে ঘৰৰ লোকে শুকুৰবাৰে নিশাই কৃষ্ণনগৰৰ কোতৱালী আৰক্ষী থানাত কিশোৰটো নিখোজ হৈ থকা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷
পৰৱৰ্তী সময়ত শনিবাৰে নিশা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হিজুলি অঞ্চলৰ এখন আমৰ বাগিচাত এটা বস্তাত এটা কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ লগে লগে স্থানীয় লোকে বস্তাটো দেখি আৰক্ষীক খবৰ দিয়াত, আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি বস্তাটো খুলি মৃতদেহটো উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে মৃতদেহটো চিকিৎসালয়লৈ লৈ আহে ৷
মৃত কিশোৰটো ঘোৰ্ণী উচ্চ বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল ৷ কিশোৰটোৰ মাতৃয়ে কোৱা অনুসৰি তেওঁৰ পুত্ৰই শুকুৰবাৰে সন্ধিয়া শিক্ষক দিৱস উপলক্ষে বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ বাবে ধন বিচাৰিছিল ৷ কিশোৰটোক বন্ধুৱে বাৰে বাৰে মাতি আছিল, কিন্তু মাতৃয়ে তেওঁক যাবলৈ মানা কৰিছিল ৷ কিন্তু মাতৃ কামলৈ ওলাই যোৱাৰ পিচতে কিশোৰটোৱে চাইকেল এখন লৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ তাৰ পিচৰ পৰা কিশোৰটো ঘৰলৈ উভতি অহা নাছিল ৷