বাৰমেৰ, 11 জুন :মানৱৰ সাজত দানৱ ৷ মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাৰমেৰত ৷ এগৰাকী 14 বছৰীয়া নাবালকক ফেনত ওলোটাকৈ ওলমাই গৰম লোৰ ৰ'ডেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে(Minor assault video viral in Barmer) ৷
ঘটনা অনুসৰি ৰাজস্থানৰ বাইতু থানাৰ অন্তৰ্গত বাৰমেৰ অঞ্চলত 9 মে' সন্ধিয়া নাবালকজন ঘৰৰ বাহিৰত খেলি থকা অৱস্থাত চুবুৰীয়াই অপহৰণ কৰি লৈ যায় ৷ তাৰ পিছতে নাবালকজনক ফেনত ওলোটাই ওলোমাই বান্ধি লৈ মাৰধৰ কৰাৰ লগতে লোহা গৰম কৰি প্ৰহাৰ কৰাৰ লগতে লোৰ ৰ'ডে মূৰত আঘাত হানে ৷ ইয়াৰ পাছত আঘাটপ্ৰাপ্ত নাবালকগৰাকী গুৰুতৰ অৱস্থাত নিজ বাসগৃহৰ পেলায় থৈ যায় অপহৰণকাৰীয়ে ৷ লগে লগে ঘৰৰ লোকে নাবালকটোক স্থানীয় হাস্পতালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ কাৰণে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷