অসম

assam

ETV Bharat / bharat

দেশৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে মুকলি কৰা হৈছে নিলামী প্ৰক্ৰিয়া

প্ৰথম দুটা খণ্ডত দেশৰ 28 টা কয়লা খনিৰ সফলতাপূৰ্ণ নিলাম সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে নিলামীৰ প্ৰক্ৰিয়া মঙলবাৰে মুকলি কৰিছে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰে ৷

By

Published : Oct 13, 2021, 11:09 AM IST

Ministry of Coal launches auction process of 40 new coal mines
দেশৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে মুকলি কৰা হৈছে নিলামী প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ : দেশৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে নিলামী প্ৰক্ৰিয়া মঙলবাৰে মুকলি কৰিছে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰে ৷ এই 40 টা কয়লাৰ খনিৰ ভিতৰত 21 টা নতুন কয়লা খনি Coal Mines (Special Provisions) Act 2015 ৰ অন্তৰ্গত আৰু 19 টা Tranche three of Mines and Minerals (Development and Regulation) Act 1957 ৰ অন্তৰ্ভুক্ত ৷

এক আনুষ্ঠানিক বিবৃতিত দপ্তৰৰ তৰফৰ পৰা কোৱা হয় যে, প্ৰথম দুটা খণ্ডত 28 টা কয়লা খনিৰ সফলতাপূৰ্ণ নিলাম সম্পূৰ্ণ হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে ৷ বৰ্তমানলৈকে 88 টা খনি নিলামৰ বাবে আগবঢ়োৱা হ’ব ৷ দপ্তৰৰ তৰফৰ পৰা আগবঢ়োৱা মন্তব্যত কোৱা হয়, মুঠ ভৌগোলিক সম্পদৰ প্ৰায় 55 বিলিয়ন টন কয়লা এই 88 টা খনিৰ পৰাই আহৰণ কৰা হয় ৷

ইয়াৰ ভিৰত 57 টা সম্পূৰ্ণৰূপে অন্বেষণ কৰা খনি আৰু 31 টা আংশিকভাৱে অন্বেষণ কৰা খনি ৷ ইয়াৰ উপৰিও চৰিটা ৰন্ধন কয়লাৰ খনিও নিলামৰ বাবে আগবঢ়োৱা হ’ব ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে, কয়লা মন্ত্ৰণালয় আৰু ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কয়লা খণ্ডৰ সংস্কাৰ সাধনৰ লগতে ৰাষ্ট্ৰৰ অৰ্থনীতিৰ বাবে মূল্যবোধ আনলক কৰাৰ ক্ষেত্ৰত যাত্ৰা আৰম্ভ কৰিছে ৷

যোশীয়ে দেশৰ শক্তি ব্যৱহাৰৰ আৰ্হি আৰু প্ৰাক-ক’ভিডৰ সময়ৰ তুলনাত বিদ্যুতৰ চাহিদা কেনেদৰে প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে তাৰ ওপৰত আলোকপাত কৰে । তেওঁ লগতে কয়, "উন্নত দেশসমূহৰ তুলনাত জনমূৰি বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বৰ্তমান সৰ্বনিম্ন স্থানত আছে ৷ ২০৪০ চনৰ ভিতৰত দেশৰ বিদ্যুতৰ চাহিদা দুগুণ হোৱাৰ সম্ভাৱনা আছে, কিয়নো চৰকাৰে দূৰৱৰ্তী স্থানসমূহক শক্তিৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বাবে আৰু পুনৰ কয় যে কয়লাই দেশৰ শক্তি মিশ্ৰণত এক মুখ্য ভূমিকা পালন কৰি যাব । পৰৱৰ্তী ৩৫-৪০ বছৰৰ বাবে" ৷

লগতে পঢ়ত :18 অক্টোবৰৰ পৰা 100 শতাংশ যাত্ৰীৰে উৰা মাৰিব ঘৰুৱা বিমান

For All Latest Updates

ABOUT THE AUTHOR

...view details