নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ: ভাৰত-বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তমান সুদৃঢ় হৈছে । দুয়োখন দেশৰ মাজত সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত সম্পৰ্ক অধিক উন্নত কৰাৰ প্ৰয়োজন আছে । দেওবাৰে সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত আয়োজিত ভাৰত-বাংলাদেশ যুটীয়া সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ত্ৰিপুৰাৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰী সুশান্ত চৌধুৰীয়ে(Sushanta Chowdhury participated in BSF's program) । বাংলাদেশৰ স্বাধীনতাৰ যুঁজত ভাৰতৰ সীমা সুৰক্ষা বাহিনীয়ে অগবঢ়োৱা অৱদানৰ বিষয়ে সুঁৱৰি ভাৰতৰ সীমা সুৰক্ষা বাহিনীয়ে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে(India-Bangladesh cultural program in Tripura) ।
বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতে আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বিষয়ে নতুন প্ৰজন্মই অধিক জনা উচিত । বাংলাদেশৰ মুক্তি যুদ্ধত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে তেওঁ সীমা সুৰক্ষা বাহিনীৰ সকলো শ্ৰেণীৰ জোৱান আৰু বিষয়াসকলক অভিনন্দন জনায়(BSF's contribution to Bangladesh's liberation war) । অনুষ্ঠানটোত উপস্থিত থাকে বিজেপিৰ বিধায়িকা মিমি মজুমদাৰ, আগৰতলাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মহম্মদ জোবেইদ হুছেইনৰ আৰু সীমা সুৰক্ষা বাহিনীৰ মহাপৰিদৰ্শক কে এছ বানিয়াল ।