আগৰতলা,১০ ডিচেম্বৰ :ত্ৰিপুৰাত অনুষ্ঠিত হৈছে ডেষ্টিনেশ্যন ত্ৰিপুৰা-বিনিয়োগ সন্মিলনৰ (Destination Tripura investment summit in Tripura)। সন্মিলনত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বাণিজ্য, বস্ত্ৰ,খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীযুষ গোৱেলে (Piyush Goyal at Destination Tripura investment summit) । সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চল ৰবৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠিব পাৰে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে চৰকাৰে ৫ বছৰত উত্তৰ-পূবৰ ৰাজ্যসমূহত মুঠ ২ লাখ হেক্টৰত ৰবৰ খেতিৰ পৰিকল্পনা কৰিছে । তেওঁ উল্লেখ কৰা মতে, ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা । ত্ৰিপুৰাৰ মুঠ ৩০ হাজাৰ হেক্টৰ ভূমিত ৰবৰ খেতি কৰা হয় । সেয়ে ৰাজ্য চৰকাৰক ৰবৰ খেতি আৰু অধিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে ৫ বছৰত অটোমোটিভ টায়াৰ মেনুফেকচাৰ এছ'চিয়েশ্যন (ATMA)ৰ চাৰিটা মুখ্য টায়াৰ কোম্পানীয়ে একেলগে উত্তৰ-পূবৰ সাতখন ৰাজ্যত ২ লাখ হেক্টৰ ভূমিত ৰবৰ খেতি উৎপাদনৰ বাবে ১,০০০ কোটি টকাৰ অনুদান আগবঢ়াইছে । ২০২১ চনৰ ১ মাৰ্চত ৰবৰ বোৰ্ড আৰু ATMAৰ মাজত এই সন্দৰ্ভত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল । টায়াৰ কোম্পানীবোৰে একেলগে ২০২১ৰ ২০ মে'ত ৰবৰ ব'ৰ্ডৰ একাউণ্টলৈ ১২ কোটি টকা স্থানান্তৰ কৰিছিল । টায়াৰ কোম্পানীবোৰে প্ৰদান কৰা পুঁজি ২০২১ চনত ৰোপণ সামগ্ৰী সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হৈছে ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ আন এক মুখ্য সম্পদ হৈছে বাঁহ খেতি । তেওঁৰ মতে দেশৰ ভিতৰতে বাঁহ খেতিৰ বাবে জনাজাত ত্ৰিপুৰা । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ত্ৰিপুৰা ধূপ উদ্যোগৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ সম্ভাৱনা আছে ।