নেশ্যনেল ডেস্ক,২ এপ্ৰিল :ৰাম নৱমী উপলক্ষে বিহাৰৰ একাধিক স্থানত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰো চেষ্টা চলাইছে একাংশ ৰাজনৈতিক নেতাই (Bihar violence)। ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ দাবী,"বিহাৰত এতিয়া হিন্দুসকল সুৰক্ষিত নহয় ।"
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, বিহাৰত হিন্দুসকল এতিয়া সুৰক্ষিত নহয় আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক মুছলমানৰ মুখ্যমন্ত্ৰী বুলি কোৱাৰ পূৰ্বে তেওঁ পদত্যাগ কৰা উচিত (Giriraj Singh demands Bihar CMs resignation)।
মন্ত্ৰীগৰাকীৰ মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাৰ লগতে চাচাৰামতো ইমান ডাঙৰ ঘটনা সংঘটিত হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে এই বিষয়ে নাজানে । যদি এনে এক গুৰুতৰ বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰী অৱগত নহয় তেনেহ'লে তেওঁ স্বেচ্ছাই পদত্যাগ কৰা উচিত বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে হিন্দুসকলক তেওঁলোকৰ নিজৰ ৰাজ্যতে অত্যাচাৰ কৰা হৈছে । তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে ।
সিঙে বিহাৰৰ বিৰোধী নেতাসকলকো সমালোচনা কৰে যিয়ে এই আক্ৰমণক বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে । মন্ত্ৰীগৰাকীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে, নীতিশ কুমাৰ এবাৰ 'পল্টুৰাম' হিচাপে জনপ্ৰিয় আছিল । কিন্তু এতিয়া তেওঁৰ দলৰ আন সদস্যসকলো পল্টুৰাম হৈ পৰিছে । আনকি তেওঁৰ চৰকাৰৰ বাবে কাম কৰা চৰকাৰী বিষয়াসকলেও এতিয়া মিছা কৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে (Giriraj Singh slams Bihar CM)।