আগৰতলা, ১৩ এপ্ৰিল :খোৱাপানীৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে (Government implemented schemes to solve drinking water problem) । সেই আঁচনিসমূহ ৰাইজলৈ মাজলৈ অনা ত্ৰিপুৰা চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes steps to solve drinking water problem) । এই মন্তব্য জল শক্তি আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৰ (Central minister Bishweswar Tudu in Tripura) ।
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁৰ মতে, চৰকাৰৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় আঁচনিসমূহৰ সুবিধা জনসাধাৰণক প্ৰদান কৰা । তেওঁ খোৱাপানী আৰু অনাময় ব্যৱস্থা, জল সম্পদ, স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ, জনজাতীয় কল্যাণ বিভাগ আদিকে ধৰি বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে (Minister Bishweswar Tudu reviewed various schemes in Tripura) ।
সাংসদ ৰেৱতী ত্ৰিপুৰা, ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ, প্ৰধান সচিব পুনীত আগৰৱালা, সচিব কিৰণ গীতে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ।