নেশ্যনেল ডেস্ক, 28 জুন : মধ্যপ্ৰদেশৰ দতিয়াত শোকাৱহ দুৰ্ঘটনা । জিলাখনৰ দুৰ্ছাদা থানা এলেকাৰ বুহাৰা নদীত বাগৰি পৰে এখন তীব্ৰবেগী ট্ৰাক । দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ 12 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । অৱশ্যে মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, দুৰ্ঘটনাটোৰ ফলত 3 ডজনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত উপস্থিত হৈছে দাতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মা ।
তথ্য অনুসৰি গোৱালিয়ৰৰ বিলহেটি গাঁৱৰ পৰা টিকামগড়ৰ মাজেৰে জাতৰালৈ গৈ আছিল মিনি ট্ৰাকখন ৷ মিনি ট্ৰাকখনত থকা লোকসকলে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে গৈ আছিল বুলি জানিব পৰা গৈছে । চলন্ত অৱস্থাতে বুহাৰা গাঁৱৰ সমীপৰ এখন নিৰ্মীয়মান দলঙৰপৰা অনিয়ন্ত্ৰিত হৈ বাগৰি পৰে ট্ৰাকখন । ভয়াৱহ দুৰ্ঘটনাটোৰ ফলত 12 জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।