নিউজ ডেস্ক, 3 জানুৱাৰী :কাশ্মীৰৰ কুলগাম জিলাৰ পৰা সেনাই আটক কৰিছে এগৰাকী সন্ত্ৰাসবাদীৰ সহযোগী ৷ সন্ত্ৰাসবাদীৰ সহযোগীটোৰ পৰা সেনাই অস্ত্ৰৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
কুলগামত সন্ত্ৰাসবাদীৰ সহযোগী গ্ৰেপ্তাৰ - কুলগামৰ হাটিপুৰা
কুলগামৰ হাটিপুৰাৰ পৰা এটা চাইনিজ পিষ্টল, এটা চাইনিজ হেণ্ড-গ্ৰেণেড, 28 জাঁই গুলিসহ দুটা একে-47 মেগজিন আৰু এটা জাৰ্মান কম্পাছসহ এগৰাকী সন্ত্ৰাসবাদীৰ সহযোগীক গ্ৰেপ্তাৰ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷

কুলগামত সন্ত্ৰাসবাদীৰ সহযোগী গ্ৰেপ্তাৰ
সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা অনুসৰি, কুলগাম জিলাৰ হাটিপুৰাত সেনাই চলোৱা এক তালাচী অভিযানৰ সময়তে অস্ত্ৰসহ গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদীৰ সহযোগীটো ৷ ধৃত সহযোগীটোৰ পৰা এটা চাইনিজ পিষ্টল, এটা চাইনিজ হেণ্ড-গ্ৰেণেড, 28 জাঁই গুলিসহ দুটা একে-47 মেগজিন আৰু এটা জাৰ্মান কম্পাছ জব্দ কৰিছে সেনাই ৷ পৰৱৰ্তী সময়ত সেনাই ধৃত সহযোগীটোক কুলগাম আৰক্ষীক চমজাই দিয়ে ৷ অৱশ্যে আৰক্ষীয়ে তেওঁৰ পৰিচয় জনোৱাৰ পৰা বিৰত থাকে ৷
লগতে পঢ়ক :জুক’ ভেলীৰ বনজুই নিয়ন্ত্ৰণৰ বাবে বাম্বি বাকেট অভিযান বায়ুসেনাৰ