অসম

assam

By

Published : Jun 18, 2021, 7:26 PM IST

ETV Bharat / bharat

মিলখা সিঙৰ দেহত ক্ৰমান্বয়ে হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা

এতিয়াও সংকটমুক্ত হোৱা নাই ভাৰতীয় স্প্ৰিণ্টাৰ মিলখা সিং । বুধবাৰে তেওঁৰ ক'ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল আৰু তেওঁক সাধাৰণ আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল । বৰ্তমান ক্ৰীড়া জগতৰ তাৰকাগৰাকী জ্বৰত ভুগি আছে ।

Milkha Singh's oxygen saturation level has dropped
মিলখা সিঙৰ স্বাস্থ্যৰ অৱনতি

নেশ্যনেল ডেস্ক, ১৮ জুন: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে ভাৰতীয় স্প্ৰিণ্টাৰ মিলখা সিঙে । শুকুৰবাৰেও তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল । পি জি আই এম ই আৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিংবদন্তী খেলুৱৈগৰাকী । বৰ্তমান তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছে ।

বুধবাৰে তেওঁৰ ক'ভিড-১৯ৰ পৰীক্ষা কৰোৱা হৈছিল আৰু ফলাফল নিগেটিভ আহিছিল । ইয়াৰ পিছতে ৯১ বছৰীয়া স্প্ৰিণ্টাৰগৰাকীক সাধাৰণ আই চি ইউলৈ স্থানান্তৰিত কৰা হয় । চিকিৎসালয়ৰ তৰফৰ পৰা জনোৱা মতে, বৃহস্পতিবাৰে নিশা হঠাতে তেওঁৰ জ্বৰ হয় আৰু তেওঁৰ অক্সিজেনৰ স্তৰ হ্ৰাস পায় ।

চিকিৎসকৰ এটা দলে বৰ্তমান তেওঁক নিৰীক্ষণ কৰি আছে । মিলখা সিঙৰ পৰিয়ালে এক বিবৃতিত উল্লেখ কৰিছে যে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বে সুস্থিৰ আছিল । এয়া তেওঁৰ বাবে কঠিন সময় আৰু তেওঁ মৃত্যুৰে যুঁজি আছে ।

উল্লেখ্য যে, মিলখা সিঙৰ পত্নী নিৰ্মল কৌৰ যোৱা মাহত ক'ভিড-১৯ত আক্ৰান্ত হৈছিল । তেওঁক মোহালিৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ দুদিনৰ পিছতে মিলখা সিঙো ক'ভিডত আক্ৰান্ত হয় আৰু তেওঁক ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হয় । অৱশেষত ১৩ জুনৰ দিনা নিৰ্মল কৌৰে মৃত্যুৰ ওচৰত হাৰ মানে । ৮৫ বছৰীয়া নিৰ্মল কৌৰ ভাৰতীয় মহিলা ভলীবল দলৰ অধিনায়ক আছিল । লগতে তেওঁ পঞ্জাৱ চৰকাৰৰ মহিলা ক্ৰীড়া শাখাৰ সঞ্চালক আছিল ।

আনহাতে, ফ’ৰ্টিছ হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে মিলখা সিঙে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগে । ইয়াৰ পিছতে যোৱা ৩ জুনত তেওঁক চণ্ডীগড়ত থকা পি জি আই এম ই আৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । মিলখা সিঙক পি জি আই এম ই আৰৰ আই চি ইউ(ICU)ত ভৰ্তি কৰোৱা হৈছিল । কেইদিনমানৰ পিছত তেওঁ স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটে যদিও এতিয়াও তেওঁ সংকটমুক্ত নহয় । বৰ্তমানেও চিকিৎসকৰ তত্বাৱধানত আছে মিলখা সিং ।

লগতে পঢ়ক:International Panic Day 2021 : শৰীৰক বিৰাম দিয়াৰ উপায়

ABOUT THE AUTHOR

...view details