স্প’ৰ্টছ ডেস্ক, ১৯ জুন :মহামাৰী কৰ'ণাই(Corona) ইজনৰ পিছত সিজন মহান ব্যক্তিৰ জীৱন কাঢ়ি নিছে । সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰৰ বহু তাৰকা তথা দেশৰ সন্মানীয় ব্যক্তিয়ে কৰ'ণাৰ যুঁজত হাৰ মানিছে । এইবাৰ পুনৰ ক্ৰীড়াপ্ৰেমীসকলক শোকৰ সাগৰত পেলাই কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে তাৰকা ক্ৰীড়াবিদ মিলখা সিঙে । দীৰ্ঘদিন ধৰি কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ক্ৰীড়া তাৰকাগৰাকী ।
মাজতে কিছু সুস্থ হৈ ঘৰলৈ উভটিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল 'দ্যা ফ্লাইং শিখ'(The Flying Sikh) খ্যাত মিলখা সিঙক । ৯১ বছৰীয়া মিলখা সিং প্ৰায় এমাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল । কিন্তু নিয়তিয়ে শুকুৰবাৰে নিশা ক্ৰীড়াবিদগৰাকীক পৰিয়াল তথা অনুৰাগীৰ মাজৰ পৰা কাঢ়ি লৈ যায় । ক্ৰীড়া তাৰকাগৰাকীৰ মৃত্যুত দেশবাসী মৰ্মাহত হোৱা দেখা গৈছে ।
ইফালে বিভিন্ন প্ৰান্তৰ পৰা মহান খেলুৱৈ গৰাকীৰ আত্মাৰ সদগতিৰ বাবে শোকবাৰ্তা প্ৰেৰণ কৰিছে বহুজনে । কৰ'ণাত আক্ৰান্ত হৈ পত্নী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ নিৰ্মল কৌৰে কিছুদিন পূৰ্বে মৃত্যুমুখত পৰিছে । ইয়াৰ মাজতে পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে, শনিবাৰে সন্ধিয়া সম্পন্ন কৰা হ'ব ক্ৰীড়াবিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া । শনিবাৰে সন্ধিয়া ৫ বজাত চণ্ডীগড়ত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।