নিউজ ডেস্ক, 19 জুলাই: জম্মু-কাশ্মীৰৰ অনন্তনাগত মঙলবাৰে সন্ত্ৰাসবাদীয়ে দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে ৷ সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত প্ৰব্ৰজনকাৰী শ্ৰমিক দুজন সংকটজনক অৱস্থাত স্থানীয় লোকে SMHS শ্ৰীনগৰলৈ লৈ যায় । গুলীচালনা ঘটনা সংঘটিত কৰিয়েই আন্ধাৰৰ সুযোগ লৈ সেইস্থানৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীকেইটা ।
ইফালে সন্ত্ৰাসবাদীৰ এই গুলীচালনাৰ পাচতেই আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে ৷ আহত শ্ৰমিক দুজন মহাৰাষ্ট্ৰৰ সাংলিৰ অক্ষয় (২০) আৰু সৌৰভ (২০) বুলি চিনাক্ত কৰা হৈছে । সম্প্ৰতি দুয়োজনৰে অৱস্থা সুস্থিৰ বুলি জানিব পৰা হৈছে ।
ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে জনোৱা মতে, দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ লালচ’ক অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ সন্ত্ৰাসবাদীকেইটাই আক্ৰমণৰ বাবে পিষ্টল ব্যৱহাৰ কৰে । এই পিষ্টলৰ গুলীতে প্ৰৱ্ৰজনকাৰী শ্ৰমিক দুজন আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক লগে লগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে এই গুলীচালনা ঘটনা সন্দৰ্ভত আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ লোকক মোতায়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ এই আক্ৰমণৰ দায়িত্ব টি আৰ এফে স্বীকাৰ কৰাৰ কথা জানিবলৈ দিয়ে অনন্তনাগৰ বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক:Encounter in Poonch: জম্মু-কাশ্মীৰৰ পুঞ্চত ৪ সন্ত্ৰাসবাদী নিধন; অব্যাহত নিৰাপত্তা বাহিনীৰ অভিযান