অসম

assam

ETV Bharat / bharat

শ্বপিয়ানত নিৰাপত্তাৰক্ষীক আক্ৰমণ সন্দেহযুক্ত উগ্ৰপন্থীৰ - जवानों ने इलाके को घेरा

সন্দেহযুক্ত উগ্ৰপন্থীয়ে বুধবাৰে শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে ৷ ঘটনাটোৰ পিছতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ৷

By

Published : Apr 7, 2021, 10:36 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: জম্মু-কাশ্মীৰত পুনৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণ । দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ ইমাম চাহিব অঞ্চলৰ এক তালাচী চকীত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে । জানিব পৰা তালাচী চকীত থকা আৰক্ষী আৰু চিআৰপিএফৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰে উগ্ৰপন্থীৰ দলটোৱে ।

অৱশ্যে এই ঘটনাত কোনো সম্পত্তি বা লোকৰ ক্ষয়ক্ষতি হোৱা নাই । কিন্তু ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে । নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details