নিউজ ডেস্ক, ১০ নৱেম্বৰ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ তেহৰিক-ই-উল মুজাহিদিন জম্মু-কাশ্মীৰৰ (Tehreek e ul Mujhahideen Jammu Kashmir, TuMJK) এটা উগ্ৰপন্থী নিযুক্তি আৰু পুঁজিৰ মডিউল উদ্ঘাটন কৰা বুলি দাবী কৰিছে (JK police claimed busted militant module) । লগতে পিষ্টল আৰু এটা আইইডিসহ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ চিৰকোট অঞ্চলৰ বিলাল আহমেদ ডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে সেনাৰ ২১ আৰু ৪৭ আৰআৰৰ সৈতে উগ্ৰপন্থী পুঁজি আৰু নিযুক্তি মডিউলটো উদ্ধাৰ কৰে ।
মুখপাত্ৰজনে জনোৱা অনুসৰি, কুপৱাৰাৰ নুটনুচা আৰু লোলাব অঞ্চলৰ সাধাৰণ অঞ্চলৰ পৰা ডাৰক আটক কৰিবলৈ সেনা আৰু কুপৱাৰা আৰক্ষীয়ে এক যুটীয়া অভিযান আৰম্ভ কৰিছিল । "পুংখানুপুংখ জেৰাৰ পিছত ডাৰে প্ৰকাশ কৰে যে তেওঁ উত্তৰ কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ আন পাঁচজন লোকৰ সৈতে 'ইছলাহি' নামৰ এটা ভুৱা বেচৰকাৰী সংগঠনৰ ছত্ৰছায়াত এটা সন্ত্ৰাসবাদী পুঁজিৰ ৰেকেট চলাই আছিল (terrorist funding racket) । ফালাহী ৰিলিফ ট্ৰাষ্ট (আইএফআৰটি) নামৰ এনজিঅ'টোৰ দ্বাৰা দৰিদ্ৰ ব্যক্তি আৰু পৰিয়ালবোৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী কৰে ।" এগৰাকী আৰক্ষী মুখপাত্ৰই এনেদৰে কয় (Islahi Falahi Relief Trust, IFRT) ।
তেওঁ কয়, "তেওঁ বিভিন্ন গাঁৱত 'ইস্তেমা' সভা আয়োজন কৰি পুঁজিৰ কাৰ্যকলাপৰ সমন্বয় আৰু নিযুক্তিত সহায় কৰাত সক্ৰিয়ভাৱে জড়িত আছিল । যাৰ দ্বাৰা ডাৰে এনজিঅ'ৰ আন সদস্যসকলৰ সৈতে যুৱসকলক দেশবিৰোধী কাৰ্যকলাপলৈ প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছিল ।" আৰক্ষীয়ে জনোৱা অনুসৰি, বিলালে কাচলুৰ ৱাহিদ আহমেদ ভাট, লাঙ্গেটৰ ৱাহিদ আহমেদ ভাট আৰু সিংপোৰাৰ জাভেদ আহমেদ নাজাৰ, বাৰামুলাৰ জাভেদ আহমেদ নাজাৰ আৰু ব্ৰাথ সোপোৰৰ মুস্তাক আহমেদ নাজাৰ আৰু সোপোৰৰ মুণ্ডজী অঞ্চলৰ বছিৰ আহমেদ মীৰকে ধৰি তিনিজন ব্যক্তিৰ নাম প্ৰকাশ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, চিয়াৰকোটৰ জুবেইৰ আহমেদ ডাৰ নামৰ বিলালৰ সম্পৰ্কীয় ভাতৃয়ে এই মডিউলটোত সক্ৰিয়ভাৱে জড়িত আছিল । আৰক্ষীয়ে দাবী কৰা মতে, উত্তৰ কাশ্মীৰত 'তেহৰিক-ই-উল মুজাহিদীন জম্মু-কাশ্মীৰ'ৰ কাৰ্যকলাপত সহায় কৰিবলৈ পাকিস্তান-ভিত্তিক যোগসূত্ৰকাৰীসকলে এই মডিউলটো সমন্বয় কৰি আছে ।