নেশ্যনেল ডেস্ক, ২০ আগষ্ট: জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ পুলৱামা জিলাৰ খ্ৰিও পাম্পোৰত নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ গ'ল এটা সন্ত্ৰাসবাদীৰ । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই এণ্টাকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে । লগতে কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অঞ্চলটোত বৰ্তমানেও গুলীয়াগুলি অব্যাহত আছে । ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে সন্ধিয়া শ্ৰীনগৰৰ ছৰাফ কাদালস্থিত আৰক্ষী আৰু চি আৰ পি এফৰ তালাচী চকীলৈ লক্ষ্য কৰি অচিনাক্ত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড নিক্ষেপ কৰে ।
এই ঘটনাত দুজন আৰক্ষী জোৱান আৰু এজন সাধাৰণ নাগৰিক আহত হয় । আনহাতে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ Apni Partyৰ (Jammu and Kashmir Apni Party) নেতা গোলাম হাছান লোন(Ghulam Hassan Lone)ক কুলগামৰ দেৱচাৰস্থিত তেওঁৰ বাসগৃহৰ বাহিৰতে গুলীয়াই হত্যা কৰা হৈছিল । এই আক্ৰমণত গোলাম হাছান লোন গুৰুতৰভাৱে আহত হয় আৰু কিছু সময়ৰ পিছত তেওঁৰ মৃত্যু হয় । বিগত ১০ দিনত তৃতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে ।
একেখন জিলাতে সন্ত্ৰাসবাদীৰ গুলীত এজন বিজেপি নেতা নিহত হোৱাৰ কেইদিনমান পিছতে এই আক্ৰমণ সংঘটিত হয় । জম্মু-কাশ্মীৰ Apni Partyৰ মুৰব্বী আলতাফ আহমেদ বুখাৰীয়ে এই ঘটনাক বৰ্বৰ আখ্যা দিছে ।