নিউজ ডেস্ক, ৩০ অক্টোবৰ: উত্তৰ কাশ্মীৰৰ কুপৱাড়া জিলাৰ মাচিল খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা বিফল হোৱাৰ দুদিন পিচত দেওবাৰে সেনা-আৰক্ষীৰ অভিযানত এটা সন্ত্ৰাসবাদী নিহত হয় । জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সোমবাৰে প্ৰকাশ কৰে এই তথ্য । আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, দেওবাৰে সেনা আৰু কুপৱাৰা আৰক্ষীয়ে কেৰণ ছেক্টৰৰ জুমাগুণ্ড অঞ্চলত চলোৱা এক যৌথ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা হয় ৷ এই অভিযানৰ সময়ত সেনা-আৰক্ষীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হয় ।
শীৰ্ষ আৰক্ষী বিষয়াজনে জনোৱা মতে, অঞ্চলটোত সম্প্ৰতি তালাচী অভিযান অব্যাহত ৰখা হৈছে ৷ তেওঁ লগতে কয়, "মাত্ৰ দুদিন পূৰ্বে এল অ’ চিৰ কাষৰ মাচিল খণ্ডত পাঁচটা সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছিল । আমাৰ সেনা জোৱানৰ নিৰন্তৰ দায়বদ্ধতা আৰু দৃঢ়তাৰ ফলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত যথেষ্ট লাভাম্বিত হৈছে । ইফালে জিঅ’চি ২৮ ইনফেণ্ট্ৰি ডিভিজন মেজৰ জেনেৰেল ৰাজেশ কলিয়াই সেনাৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰে ।