নেচনেল ডেস্ক, 30 জুন: আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, বুধবাৰে শ্ৰীনগৰ-বন্দিপোৰা ঘাইপথৰ নাদিহাল অঞ্চলত সন্ত্ৰাসবাদীৰ এটা আত্মগোপনস্থলী নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰে (Militant hideout Destroyed on Srinagar-Bandipora highway) ৷
আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, বন্দিপোৰাত এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ পাছতে ধৃত সন্ত্ৰাসবাদীয়ে দিয়া ভাষ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে নাদিহালৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সন্ত্ৰাসবাদীৰ এটা আত্মগোপনস্থলী বোমা নিক্ষেপেৰে ধ্বংস কৰে ।
গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজনে জেৰাত স্বীকাৰ কৰা তথ্যৰ পাচতেই ততাতৈয়াকৈ নিৰাপত্তা বাহিনীৰ দলে সেই পথেৰে সকলো যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয় বুলিও আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে । সূত্ৰটোৱে লগতে জানিবলৈ দিয়া মতে, সাধাৰণ লোকৰ জীৱন-সম্পত্তিৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নোহোৱাকৈ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা সেই স্থান ধ্বংস কৰা হৈছিল ।