নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: দক্ষিণ কাশ্মীৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা সন্ত্ৰাসবাদী আৰু ৩ টা অভাৰ গ্ৰাউণ্ড কৰ্মীক । বুধবাৰে নিৰাপত্তা বাহিনীয়ে এই কথা দাবী কৰে । দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ বগুণ্ড-কুলগাম পথেৰে এখন বাহনেৰে যাত্ৰা কৰিছিল চাৰিওজনে ।
আৰক্ষীৰ তালাচী চকীত বাহন ৰখাবলৈ নিৰ্দেশ দিয়া হয় আৰু ৯ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীয়ে চাৰিওজনকে গ্ৰেপ্তাৰ কৰে । ধৃত সন্ত্ৰাসবাদীটো বাৰামুল্লাৰ জেয়ান আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে । যোৱা মাহৰ পৰাই শ্বপিয়ানৰ পৰা জেয়ান আহমেদ সন্ধানহীন হৈ আছিল ।