অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা ৫০ শতাংশ হ্ৰাস - Militancy

সততে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় হিংসাত্মক ঘটনা প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে আৰু পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে । কুপৱাৰা জিলাৰ হান্দৱাৰাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ সেনাৰ চিনাৰ কৰ্পৰ জেনেৰেল অফিচাৰ কমাণ্ডিং(General Officer Commanding) লেফটেনেণ্ট জেনেৰেল দি পি পাণ্ডেই সাংবাদিকৰ আগত এই মন্তব্য কৰে ।

Militancy related violence has reduced by around 50 per cent in Jammu Kashmir
জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় হিংসাত্মক ঘটনা ৫০ শতাংশ হ্ৰাস পাইছে

By

Published : Jun 24, 2021, 8:57 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন: সন্ত্ৰাসবাদী আক্ৰমণ, নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ লগতে আন বিভিন্ন হিংসাত্মক ঘটনা প্ৰায়ে সংঘটিত হোৱাৰ ক্ষেত্ৰত সংবাদ শিৰোনাম দখল কৰে জম্মু-কাশ্মীৰে(JAMMU-KASHMIR) । বিগত দিনবোৰত সঘনাই হোৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ কোনেও নুই কৰিব নোৱাৰে । কিন্তু ইয়াৰ মাজতে সেনাৰ তৰফৰ পৰা কিছু ইতিবাচক ইংগিত দিয়া হৈছে ।

বৃহস্পতিবাৰে সেনাৰ চিনাৰ কৰ্পৰ জেনেৰেল অফিচাৰ কমাণ্ডিং(General Officer Commanding) লেফটেনেণ্ট জেনেৰেল দি পি পাণ্ডেই জনাইছে যে, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় হিংসাত্মক ঘটনা(Militancy-related violence) প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে । কুপৱাৰা জিলাৰ হিন্দৱাৰাত আয়োজিত এক অনুষ্ঠানত অংশ লৈ লেফটেনেণ্ট জেনেৰেল দি পি পাণ্ডেই এই মন্তব্য কৰে । বৃহস্পতিবাৰে হান্দৱাৰাৰ বেডকুটত থকা আৰ্মি গুডউইল স্কুলৰ নাম সলনি কৰাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই বিদ্যালয়খনৰ নাম সলনি কৰি বিগত বৰ্ষৰ মে' মাহত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা কৰ্ণেল আশুতোষ শৰ্মাৰ নামেৰে নামকৰণ কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি লেফটেনেণ্ট জেনেৰেল দি পি পাণ্ডেই কয় যে, কাশ্মীৰৰ পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে আৰু বৰ্তমান পৰিস্থিতি সুস্থিৰ হৈ আছে । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কীয় হিংসা প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে যদিও সীমান্তৰ সিপাৰৰ পৰা আৰু দেশৰ ভিতৰতে থকা শত্ৰুৰ দ্বাৰা নিয়ন্ত্ৰিত একাংশ অপৰাধীয়ে নিৰস্ত্ৰ লোকক হত্যা কৰি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে জ্যেষ্ঠ সেনা বিষয়াগৰাকীয়ে ।

তেওঁ কয় যে, সন্ত্ৰাসবাদীয়ে সাধাৰণ লোক, ৰাজনীতিবিদ আৰু নিৰস্ত্ৰ আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । দেশৰ ভিতৰতে থকা ঘৰ শত্ৰু বিভীষণস্বৰূপ শত্ৰুৱে সাধাৰণ দোকানী, ৰাজনীতিবিদ আৰু নিৰস্ত্ৰ আৰক্ষীক হত্যা কৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰাৰ লগতে উন্নয়নত বাধাৰ সৃষ্টি কৰিছে । এই সৰু ঘটনাবোৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰি পৰিস্থিতি সুস্থিৰ কৰিব বুলি তেওঁ আশ্বাস দিয়ে । সেনা বিষয়াগৰাকীয়ে কয় যে, বৰ্তমান কাশ্মীৰত প্ৰায় ২০০ জন সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে ৷

লগতে পঢ়ক: ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত: দিল্লীত উপস্থিত সুদীপ ৰয়

ABOUT THE AUTHOR

...view details