অসম

assam

ETV Bharat / bharat

কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, এজন আহত

কাশ্মীৰত উগ্ৰপন্থীৰ টাৰ্গেট হৈছে নেকি বহিঃৰাজ্যৰ শ্ৰমিক? ৰাজস্থানৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ জম্মু কাশ্মীৰৰ বাদগামত গুলীচালনাৰ ঘটনা (Migrant worker shot dead by terrorists in Budgam) ৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যৰ এজন শ্ৰমিকে (Migrant worker shot dead by terrorist) ৷

migrant-worker-shot-dead-by-terrorists-in-budgam-another-injured
কাশ্মীৰত উগ্ৰপন্থীৰ গুলীত মৃত্যু বহিঃৰাজ্যৰ এজন শ্ৰমিক, আজন আহত

By

Published : Jun 3, 2022, 1:40 PM IST

বাদগাম, 3 জুন:কাশ্মীৰত উগ্ৰপন্থীৰ টাৰ্গেট হৈছে নেকি বহিঃৰাজ্যৰ শ্ৰমিক? ৰাজস্থানৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ জম্মু কাশ্মীৰৰ বাদগামত গুলীচালনাৰ ঘটনা (Migrant worker shot dead by terrorists in Budgam) ৷ উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যৰ এজন শ্ৰমিকে (Migrant worker shot dead by terrorist) ৷

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি বুদগামৰ চাদুৰা তহচিলৰ মাগ্ৰেপোৰা গাঁৱত বহিঃৰাজ্যৰ দুজন ইটা ভাটাৰ শ্ৰমিকৰ ওপৰত উগ্ৰপন্থীয়ে গুলীচালনা কৰে ৷ এজন উত্তৰ প্ৰদেশৰ দিলশাদ আৰু পঞ্জাৱৰ গৰিয়া বুলি আৰক্ষীয়ে জনাইছে (Migrant worker injured shot dead by terrorists) ৷ ততালিকে দুয়োজন আঘাতপ্ৰাপ্ত শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও দিলশাদে থিতাতে মৃত্যুবৰণ কৰে ৷

চিকিৎসকে কোৱা অনুসৰি দিলশাদৰ কান্ধত গুলী লাগে আৰু ইফালে গৰিয়াৰ হাতত গুলী লাগি গুলীবিদ্ধ হয় ৷ বৰ্তমান গৰিয়া নামৰ শ্ৰমিকজনক চিকিৎসালয়তে ৰখা হৈছে ৷ গৰিয়াৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জনায় ৷

ইফালে বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰৰ কুলগাম জিলাত উগ্ৰপন্থীয়ে ৰাজস্থানৰ এগৰাকী বেংক কৰ্মচাৰীক গুলীয়াই হত্যা কৰে ৷ মৃত লোকজনক ৰাজস্থানৰ বিজয় কুমাৰ বুলি জানিব পৰা গৈছিল ৷ কুলগাম জিলাৰ আৰিয়াহ গাঁও শাখাৰ এটা আঞ্চলিক গ্ৰাম্য বেংকৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল ৷ মেনেজাৰজনে পুৱা কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তেই দুৰ্বৃত্তই লোকজনক গুলীয়াই হত্যা কৰে ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details