অসম

assam

ETV Bharat / bharat

কেৰালাৰ কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক - Mayan Beach near Koyilandi Harbour

বহিঃৰাজ্যত দুই বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ এজন প্ৰব্ৰজিত শ্ৰমিকক । দুলু ৰাজবংশী নামৰ শ্ৰমিকজনক হত্যা কৰে অসমৰে দুই বন্ধুৱে । দুই হত্যাকাৰী দুলু ৰাজবংশীৰ বন্ধু মনোৰঞ্জন (২২) আৰু লক্ষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Assam youth Killed by Friends at Koyilandy Beach) ।

murder
murder

By

Published : Oct 5, 2022, 8:22 PM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ :কালিকট জিলাৰ কয়লাণ্ডি হাৰ্বাৰৰ ওচৰত অসমৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকক তেওঁৰ বন্ধুবৰ্গই মিলি হত্যা কৰাৰ অভিযোগ উঠিছে (Migrant Worker From Assam Killed in Calicut) । ভুক্তভোগী শ্ৰমিকজনক অসমৰ দুলু ৰাজবংশী (২৮) বুলি চিনাক্ত কৰা হৈছে । ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা কেৰালাৰ কয়লাণ্ডি হাৰ্বাৰৰ ওচৰৰ মায়ান বীচত (Mayan Beach near Koyilandi Harbour) ।

সহকৰ্মীসকলে মদ্যপান কৰি থাকোঁতে সৃষ্টি হোৱা তৰ্কা-তৰ্কিৰ সময়ত ডিঙিত বেল্টেৰে চেপি দুলুক হত্যা কৰাৰ অভিযোগ (Assam youth Killed by Friends at Koyilandy Beach) । আৰক্ষীয়ে এই হত্যাকাণ্ড সংঘটিত কৰা অসমৰে আন দুজন যুৱক তথা দুলু ৰাজবংশীৰ বন্ধু মনোৰঞ্জন (২২) আৰু লক্ষীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য, দুলু ৰাজবংশীয়ে বন্দৰত এজন শ্ৰমিক হিচাবে কাম কৰি আছিল ।

কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মঙলবাৰে সন্ধিয়া মায়ান সাগৰৰ পাৰত সুৰাপান কৰি থকাৰ সময়ত তেওঁলোক তিনিওজনৰ মাজতে তৰ্কা-তৰ্কি হয় । যাৰ পৰিণতিত উক্ত হত্যাকাণ্ডটো সংঘটিত হয় ।

দুলু ৰাজবংশীৰ হত্যাকাৰী

তিনিওজনে মাতাল হৈ চিঞৰ-বাখৰ কৰি থকাৰো অভিযোগ উঠিছে । সেই সময়ত স্থানীয় লোকসকলে তালৈ গৈ ঘটনাটো কি পৰীক্ষা কৰাৰ সময়ত, ঘটনাস্থলীত তেওঁলোকে এজন ব্যক্তিক পৰি থকা দেখে । তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে । ইফালে হত্যাকাণ্ডটো সংঘটিত কৰি দুলুৰ বন্ধুকেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

দুলু ৰাজবংশীৰ হত্যাকাৰী

আনহাতে, আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ দুলুৰ ডিঙিত বেল্ট এডালেৰ ফাঁচি লগোৱা আছে । তাৰ পিছত আৰক্ষীয়ে তেওঁক কয়লেণ্ডি তালুক চিকিৎসালয়লৈ লৈ যায় । কিন্তু তেতিয়ালৈকে তেওঁৰ মৃত্যু হয় । ইফালে পলাবলৈ বিচাৰি সাগৰত জঁপিয়াই পৰা এজনক আটক কৰে আৰক্ষীয়ে । আটকাধীন যুৱকজনেই আৰক্ষীৰ আগত প্ৰকাশ কৰে যে আন এজনৰ সহায়ত তেওঁ দুলুক হত্যা কৰিছে । তাৰ পিছত আৰক্ষীয়ে দ্বিতীয়জনৰ অনুসন্ধান আৰম্ভ কৰে আৰু চৌহদটোৰ পৰা নিশা তেওঁক iআটক কৰে ।

লগতে পঢ়ক :কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বীতা

ABOUT THE AUTHOR

...view details