নিউজ ডেস্ক, 11 ডিচেম্বৰ :যোৱা 25 নৱেম্বৰত ইটিভি ভাৰতত প্ৰকাশ হৈছিল হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথত ৬৫০ কিলোমিটাৰ খোজ কাঢ়ি অতিক্ৰম কৰা অসমৰ শ্ৰমিক (migrant laborer from Assam walked 650 km) অজয় বৰদলৈ ওৰফে ৰঞ্জিৎ বৰদলৈ ওড়িষাৰ কোৰাপুটৰ লক্ষ্মীপুৰত উপস্থিত হোৱাৰ বাতৰি । অজয়ৰ অসমৰ পৰা হায়দৰাবাদলৈ আৰু তাৰ পিছত কোৰাপুট জিলাৰ লক্ষ্মীপুৰলৈ যাত্ৰাৰ খবৰ ইটিভি ভাৰতৰ দ্বাৰা সামৰি লোৱা হৈছিল। ওড়িয়া আৰু অসমীয়া ভাষাত বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছত, ইটিভি ভাৰতৰ অসমৰ সাংবাদিকে অজয়ৰ গাওঁ পৰিদৰ্শন কৰে আৰু তেওঁৰ পৰিয়ালৰ সৈতে অজয় সম্পৰ্কে যোগাযোগ কৰে ৷
তদুপৰি, অসমত থকা ইউনিচেফৰ এজন ওড়িয়া বিষয়া লক্ষ্মী নাৰায়ণ নন্দা আৰু উৰিষ্যাৰ এইড-এট-একচনৰ(Aid at action in Odisha) ৰাজ্যিক মুৰব্বী আৰু কোৰাপুটৰ এগৰাকী যুৱ সমাজকৰ্মী উমি ডেনিয়েলৰ প্ৰচেষ্টাৰ জৰিয়তে অসম চৰকাৰক ইটিভি ভাৰতত সম্প্ৰচাৰিত বাতৰিৰ বিষয়েও অৱগত কৰা হৈছিল । এই সামূহিক প্ৰচেষ্টাৰ ফলস্বৰূপে শনিবাৰে দুজন অসম আৰক্ষীৰ বিষয়া লক্ষ্মীপুৰত উপস্থিত হয় ৷
লক্ষ্মীপুৰ আৰক্ষীৰ সহযোগত অসমৰ এজন চালক তছলিম আহমেদৰ কাষ চাপিছিল আৰক্ষী ৷ চালকজনে ৰে'লৰ সুৰংগ খননৰ কাম কৰি আছিল আৰু তেওঁৱেই শ্ৰমিক বৰদলৈক আশ্ৰয় দিছিল । তাত সকলোৰে সৈতে কথা পাতি অসম আৰক্ষীয়ে তেওঁৰ দায়িত্ব গ্ৰহণ কৰে (Assam police rescued migrant laborer from Odisha) ৷ বিজয়নগৰমত অসম অভিমুখে শ্ৰমিকজনৰ ওভতনি যাত্ৰা আৰম্ভ হয় ।
উল্লেখ্য যে, যুৱকজনৰ গৃহভূমিৰ ঠিকনা বিচাৰি ইটিভি ভাৰতৰ কাৰ্বি আংলঙৰ সাংবাদিক অজয় বৰদলৈৰ ঘৰত উপস্থিত হৈছিলগৈ ৷ হায়দৰাবাদৰ পৰা খোজকাঢ়ি গৈ ওড়িশা পোৱা অসমৰ শ্ৰমিকৰ প্ৰকৃত সত্যশ্ৰমিকজনৰ মাতৃ-পত্নীৰ ভাষ্যত ঘটনাটো অইন দিশেহে গতি কৰিছিল ৷ পথভ্ৰষ্ট শ্ৰমিকজন অজয় বৰদলৈ নহয়, অজয় বৰদলৈৰ খুৰাক ৰঞ্জিত বৰদলৈ বুলিহে পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি মাত্ৰাধিক মদ্যপান কৰি তেওঁ পত্নীক অকথ্য শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাইছিল ৷ ইয়াৰ ফলস্বৰূপে ৰঞ্জিত বৰদলৈৰ পত্নীৰ সৈতে সম্পৰ্কত তিক্ততা আহি পৰিছিল আৰু দুয়ো পৃথকে থাকিবলৈ লৈছিল ৷
লগতে পঢ়ক :হায়দৰাবাদলৈ কাম বিচাৰি গৈ কেনেকৈ খোজ কাঢ়ি ওড়িশা পালেগৈ নগাঁৱৰ অজয় ?