অসম

assam

ETV Bharat / bharat

আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত - MiG-29K

বৃহস্পতিবাৰে আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাত পতিত হোৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছে এজন পাইলট। আন এজনক উদ্ধাৰ কৰা হৈছে।

আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত
আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত

By

Published : Nov 27, 2020, 12:24 PM IST

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: আৰৱ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় নৌসেনাৰ MiG-29K এয়াৰক্ৰাফ্ট। ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী পাইলটৰ। এতিয়াও সন্ধানহীন আছে আন এজন পাইলট। ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়াই শুক্ৰবাৰে প্ৰকাশ কৰে এই তথ্য।

তেওঁ কয় যে, এই ঘটনা বৃহস্পতিবাৰে আবেলি প্ৰায় ৫ বজাত আৰৱ সাগৰত সংঘটিত হয়। অনুসন্ধানকাৰী বিমান আৰু জাহাজেৰে ভাৰতীয় নৌসেনাৰ নিৰুদ্দিষ্ট হৈ থকা পাইলটগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই থকা হৈছে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক:চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান

ABOUT THE AUTHOR

...view details